গুৱাহাটী, ২২ জুলাই : বিজেপি (BJP) নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ (GOVERNMENT) দ্বিতীয়টো কাৰ্যকালৰ বৃহস্পতিবাৰে দশমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (HIMANTA BISWA SARMA) অধ্যক্ষতাত জনতা ভৱনত (JANTA BHAWAN) অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তই ।
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক (RAJAN GOHAIN) নতুন দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে । কেবিনেট বৈঠকে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ ‘assam food and civil supplies corporation limited’ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰিছে । এই দায়িত্বৰে ৰাজেন গোঁহাইক কেবিনেট মন্ত্ৰী মৰ্যাদা প্ৰদান কৰা হৈছে ।
সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ ননীগোপাল মহন্তক (NONIGOPAL MAHANTA) ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে । আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে । এই দায়িত্বৰে তেওঁক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰা হৈছে ।
আনহাতে, প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ধন পোৱাৰ ক্ষেত্ৰত পূৰ্বতে থকা কিছু অসুবিধা আজিৰ কেবিনেটে দূৰ কৰিছে । সেই অনুসৰি একচনীয়া তথা তৌজিবাহী পট্টা থকাৰ উপৰি বনাঞ্চল অধিকাৰ আইনৰ অধীনত যোগ্য বিবেচিত কৃষকসকলে কিষাণ নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব । ক্ষুদ্ৰ চাহ খেতিয়ক তথা উদ্যান শস্যৰ খেতিয়কসকলকো এইক্ষেত্ৰত যোগ্য বিবেচনা কৰা হ'ব ।