গুৱাহাটী, ২ আগষ্ট : মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা, বানপানীৰ সমস্যা আৰু জি এছ টিৰ বিৰুদ্ধে ৫ আগষ্টত প্ৰদেশ কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব (State Congress Raj Bhavan Siege Programme on August 5) । এই কাৰ্যসূচী সন্দৰ্ভত মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয় (Congress leaders meeting at Rajiv Bhaban Guwahati) ।
বৈঠকত বিভিন্ন সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয় । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰ্দিষ্ট কেইজনমান ব্যৱসায়ীক সন্তুষ্ট কৰিবলৈ গৈ দেশত ভয়াৱহ মূল্যবৃদ্ধিত ইন্ধন যোগাইছে (Bhupen Bora alleged Prime Minister for price hike) ।
ফলত সৰ্বসাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতাৰ ঊৰ্ধ্বত আজি সমগ্ৰ দেশজুৰি নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে (Price hike of essential commodities across country) । তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি প্ৰায়ভাগ খাদ্য-সামগ্ৰীতে জি এছ টি (GST) লগাই কৃত্রিম মূল্যবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দিছে । সৰ্বসাধাৰণ ৰাইজে বিশেষকৈ দুখীয়া শ্ৰেণীটোৱে আজি পেট ভৰাই দুসাজ খাদ্যও নিয়মিত খাব পৰা অৱস্থা এটা নোহোৱা হৈছে । পেট্ৰ'ল, ডিজেল, খোৱাতেল, দাইল আদি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত এতিয়া ৰাইজৰ সহজলভ্য দৈ, চিৰা, পিঠাগুৰি, গুড়তো বিক্ৰী কৰ আৰোপ কৰা হৈছে ।
ফলস্বৰূপে দুখীয়া ৰাইজেও চৰকাৰক কৰ দিহে খাদ্য-সামগ্ৰী ক্ৰয় কৰিবলগীয়াত পৰিছে । কংগ্ৰেছ দলে চৰকাৰৰ এই জনবিৰোধী নীতিৰ ঘোৰ বিৰোধিতা কৰে । বৰাই লগতে কয় যে বছৰি ২ কোটি নিবনুৱাক চাকৰি দিব বুলি বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি ৰাইজক প্ৰৱঞ্চনা কৰিলে (Congress alleged BJP cheats over give jobs to unemployed) ।