নিউজ ডেস্ক, ৪ ডিচেম্বৰ: ১ ডিচেম্বৰত নাগালেণ্ড ৰাজ্য আৰু ২ ডিচেম্বৰ অসম ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বেংগালুৰু ৰাজভৱনত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সন্ধিয়া ৬.০০বজাৰ পৰা ৭.৩০ বজালৈ অসম আৰু নাগালেণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৰাজভৱনত । বেংগালুৰুত বসবাস কৰা নাগালেণ্ড আৰু অসম দুয়োখন ৰাজ্যৰ লগতে কৰ্ণাটকৰো প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত আটক ধুনীয়া সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় ।
কাৰ্যসূচী অনুসৰি কৰ্ণাটক ৰাজ্যৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলটৰ উপস্থিতিত বেংগালুৰুবাসী অসমীয়া ৰাইজৰ হৈ নয়নভা শৰ্মাৰ নেতৃত্বত "সত্ৰীয়া নৃত্য", পৰেশ বৰা আৰু প্ৰণৱ জ্যোতি বৰাৰ নেতৃত্বত "দলীয় বিহু নৃত্য" আৰু সম্পূৰ্ণ থলুৱা বাদ্যযন্ত্ৰ গীত-মাতৰ সমাহাৰ "ব্ৰহ্মপুত্ৰ বেণ্ডৰ" অনুষ্ঠান পৰিবেশন কৰা হয় ৷ অনুষ্ঠানৰ শেষত উপস্থিত সকলোৱে অসমৰ জাতীয় সংগীত পৰিৱেশনত নিজ নিজ স্থানৰ পৰাই সহযোগ কৰে । লগতে দিপাংকৰ ভট্টাচাৰ্যই অসম তথা অসম দিৱসৰ বিষয়ে উপস্থিত সকলোৰে আগত ভাষণ প্ৰদান কৰি বেংগালুৰু ৰাজভৱনত কৰ্ণাটকৰ ৰাজ্যপালগৰাকীয়ে অসম দিৱস পালন কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।