অসম

assam

অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা

By

Published : Sep 21, 2020, 10:31 AM IST

দেওবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান 36.8 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত 37.6, তেজপুৰত 37.3, শিলচৰত 36.8, ধুবুৰীত 32.9, যোৰহাটত 36.2 আৰু উত্তৰ লখিমপুৰত 37.6 ডিগ্ৰী চেলচিয়াছ ।

অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা
অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা

আজাৰা, 21ছেপ্টেম্বৰ : অহা 24 ঘণ্টাৰ ভিতৰত অসমৰ বিভিন্ন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা ৷

সোমবাৰৰ পৰা পশ্চিম অসমত 24 ছেপ্টেম্বৰলৈ বহু কেইখন জিলাৰ বেছি ভাগ ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । মধ্য অসমৰ জিলাসমূহত অহা 22, 23, আৰু 24 ছেপ্টেম্বৰলৈ বেছিভাগ ঠাইত বৰষুণ হোৱাৰ লগতে উত্তৰ-পূব আৰু দক্ষিণ অসমৰ জিলাৰ ভালে সংখ্যক ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা

উল্লেখ্য যে, কামৰূপ মহানগৰীত 24 ঘণ্টাৰ ভিতৰত দুই এঠাইত আৰু 22, 23, 24 ছেপ্টেম্বৰত বেছিভাগ ঠাইতে বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

ইপিনে দেওবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান 36.8 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত 37.6, তেজপুৰত 37.3, শিলচৰত 36.8, ধুবুৰীত 32.9, যোৰহাটত 36.2 আৰু উত্তৰ লখিমপুৰত 37.6 ডিগ্ৰী চেলচিয়াছ ।

লগতে পঢ়ক :ক’ভিড অধিনিয়মৰ মাজেৰে আজিৰে পৰা ৰাজ্যত বিদ্যালয়ৰ পাঠদান আৰম্ভ

ABOUT THE AUTHOR

...view details