অসম

assam

ETV Bharat / state

Rainfall decreases in Assam: ৰাজ্যত হ্ৰাস বৰষুণৰ মাত্ৰা, চিন্তিত কৃষক - ৰাজ্যত হ্ৰাস বৰষুণৰ মাত্ৰা

ৰাজ্যত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা ৷ যিয়ে প্ৰভাৱিত কৰিছে কৃষি খণ্ডৰ লগতে নাগৰিকৰ স্বাভাৱিক জীৱন যাত্ৰাত (Rainfall decreases in Assam) ৷

Rainfall decreases in Assam
ৰাজ্যত হ্ৰাস বৰষুণৰ মাত্ৰা

By

Published : Feb 20, 2023, 10:20 AM IST

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : অসমত অভাৱনীয়ভাৱে পৰিৱৰ্তন হৈছে জলবায়ু ৷ যাৰ ফলত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে বৰষুণৰ পৰিমাণ ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্যই অসমত বৰষুণৰ পৰিমাণ উদ্বেগজনক হাৰত হ্ৰাস পোৱা বুলি সদৰি কৰিছে (Rainfall decreases in Assam) । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা ১ জানুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰী পর্যন্ত ৰাজ্যৰ ৫ খন জিলা দৰং,গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ) আৰু মৰিগাঁও জিলাত এটোপালো বৰষুণ হোৱা নাই ।

ৰাজ্যত হ্ৰাস বৰষুণৰ মাত্ৰা

১৬ খন জিলাত অতি কম পৰিমাণে বৰষুণ হৈছে আৰু ৬ খন জিলাত কম বৰষুণ হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে ৰাজ্যত বৰষুণ ঘাটিৰ পৰিমাণ কালিৰ ৭২ শতাংশৰপৰা ৭৫ শতাংশলৈ বৃদ্ধি পাইছে । বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা মতে অসমত অহা মাৰ্চৰ মাজ ভাগৰ পৰা বৰষুণ হোৱাৰ সম্ভাৱনা ‌আছে । বিষয়াগৰাকীয়ে লগতে পূৰ্বতকৈ ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে বুলি কয় । জানুৱাৰীত সচৰাচৰ বৰষুণ হয় যদিও এইবাৰ হোৱা নাই ।

ৰাজ্যত হ্ৰাস বৰষুণৰ মাত্ৰা

আনপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (Indian Meteorological Department) তথ্য অনুসৰি ১ জানুৱাৰীৰপৰা ২০ ফেব্ৰুৱাৰী পর্যন্ত ৰাজ্যত ৩১.৭ মিঃমিঃ বৰষুণ হ’ব লাগিছিল যদিও ৭.৮ মিঃমিঃ বৰষুণহে হৈছে । অর্থাৎ স্বাভাৱিকতকৈ ৭৫ শতাংশ কম বৰষুণ হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, বাক্সা জিলাত ৯২%, বৰপেটাত ৯৯%, বঙাইগাঁৱত ৮২%, কাছাৰত ৯৭%, চিৰাঙত ৯৩%, ধেমাজিত ৩৬%, ধুবুৰীত ৯৪%, ডিব্ৰুগড়ত ৪৮%, গোলাঘাটত ৯৮%, হাইলাকান্দিত ৯৮%, যোৰহাটত ৬৬%, কাৰ্বি আংলঙত ৯৬%, কৰিমগঞ্জত ৯০%, কোকৰাঝাৰত ৭৮%, লখিমপুৰত ৫৭%, ডিমা হাচাওত ৯৯%, নগাঁৱত ৯৭%, নলবাৰীত ৯৩%, শিৱসাগৰত ৫৪%, শোণিতপুৰত ২৮%, তিনিচুকীয়াত ৪৭%, ওদালগুৰিত ৯৭%, স্বাভাৱিকৰ তুলনাত কম বৰষুণ হৈছে ।

ৰাজ্যত হ্ৰাস বৰষুণৰ মাত্ৰা

উদ্বেগজনক কথাটো হ'ল এই সময়ছোৱাত স্বাভাৱিকতকৈ ৮০% ত বৰষুণ হ্ৰাস পাইছে ৰাজ্যৰ ১৯ খন জিলাত । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে কৃষিকার্যত । অসম কৃষি প্ৰধান ৰাজ্য হোৱাৰ ফলত ইয়াৰ অধিকাংশ লোক কৃষক । তদুপৰি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই ৰাজ্যত । সেয়ে ৰবিশস্যৰ বতৰত ৰাজ্যৰ কৃষক বিপদত পৰা পৰিলক্ষিত হৈছে । বহু ঠাইত পানীৰ উৎসও শুকাই যোৱাত বিপদ বাঢ়িছে সৰ্বসাধাৰণৰ ।

ৰাজ্যত হ্ৰাস বৰষুণৰ মাত্ৰা

বৰষুণ-নিৰ্ভৰ কৃষকসকলে এনে পৰিৱেশত মূৰে কপালে হাত দিছে বা শস্যৰ উৎপাদন লাভৰ বাবে নিজাববীয়াকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰি সৰ্বস্বান্ত হৈছে যদিও সময়ে সময়ে অভিলাষী কৃষি আইন প্ৰস্তুত কৰি কৃষকৰ সকাহৰ কথা চিন্চা কৰা চৰকাৰে এইক্ষেত্ৰত কোনো পদক্ষেপ লোৱা দেখিবলৈ পোৱা হোৱা নাই । বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য মতে অহা ২১ আৰু ২২ ফেব্ৰুৱাৰীত অসমৰ দুই এঠাইত বিজুলী ঢেৰেকনীৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে অহা ৭-৮ দিনলৈ গুৱাহাটীত বৰষুণ হোৱাৰ সম্ভাৱনা নাই । বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে গুৱাহাটীত দিনৰ ভাগত কুঁৱলীৰ ( Haze) আস্বাদন বৃদ্ধি পাব ।

লগতে পঢ়ক :Brutal murder in Guwahati: গুৱাহাটীত শ্ৰদ্ধাকাণ্ড; স্বামী-শাহুৱেকক টুকুৰা-টুকুৰকৈ কাটি ৰাখিলে ফ্ৰীজত

ABOUT THE AUTHOR

...view details