অসম

assam

ETV Bharat / state

মহানগৰবাসীক সকাহ দিবলৈ ধৰাৰ বুকুলৈ নামি আহিল এজাক বৰষুণ

শনিবাৰৰ বৰষুণজাকে কিছু হ'লেও সকাহ প্ৰদান কৰিলে মহানগৰবাসীক ৷ কিয়নো দীৰ্ঘদিন ধৰি উৎকট গৰমে দহিছিল মহানগৰবাসীক ৷

By

Published : Jun 13, 2020, 6:21 PM IST

rain fall giving relief to the local people of guwahati city
rain fall giving relief to the local people of guwahati city

গুৱাহাটী, 13 জুনঃ যোৱা কিছুদিন ধৰি উৎকট গৰমে দহিছিল মহানগৰবাসীক ৷ সকলোৱে অপেক্ষা কৰিছিল এজাক বৰষুণলৈ ৷ সকলোৰে অপেক্ষাৰ ওৰ পেলাই শনিবাৰে পুৱাৰ ভাগত এজাক বৰষুণে ছুই গ'ল মহানগৰীক ৷ যোৱা কেইবাদিনৰো পৰা ৰ'দৰ উত্তাপে দহিছিল মহানগৰবাসীক ৷ শনিবাৰৰ বৰষুণজাকৰ লগতে এজাক শীতল বতাহে যেন উৎকট গৰমৰ পৰা কিছু সকাহ প্ৰদান কৰিলে মহানগৰবাসীক ৷ বৰষুণৰ পানীয়ে ধুৱাই নিয়া বিৰিখৰ ডাল পাতে সেউজী ৰহণ সানিলে মহানগৰীৰ ধূলিয়ৰী প্ৰকৃতিক ৷ যেন প্ৰকৃতিও অপেক্ষাত আছিল বৰষুণ জাকৰ ৷

মহানগৰবাসীক সকাহ দিবলৈ ধৰাৰ বুকুলৈ নামি আহিল এজাক বৰষুণ

কিন্তু এফালে যদি মহানগৰবাসীয়ে বহু প্ৰতিক্ষীত বৰষুণজাকক আদৰণি জনাইছে, আনফালে আন এক চিন্তাইয়ো চিন্তিত কৰি তুলিলে তেওঁলোকক ৷ তেওঁলোকৰ চিন্তা কৃত্ৰিম বানক লৈ ৷ যদিও পুৱাৰ ভাগৰ বৰষুণজাকে ৰাইজৰ দেহ শাত পেলাই গ'ল,তাৰ সমান্তৰালভাৱে কৃত্ৰিম বানক লৈ বৰষুণজাকে শংকিও কৰিলে মহানগৰবাসীক ৷

লগতে পঢ়কঃমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে স্থাপন কৰিলে বজাৰ গৃহ

ABOUT THE AUTHOR

...view details