মালিগাঁও, 4 নবেম্বৰ:সোমবাৰে মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ৰে'ল ষ্টেচনৰ সমীপত ৰে'ল বিভাগে চলালে উচ্ছেদ অভিযান । অঞ্চলটোত অবৈধভাৱে গঢ় লৈ উঠা বাসগৃহ তথা ব্যৱসায়ীক উচ্ছেদ কৰে ৰে'লৱে কৰ্তৃপক্ষই । অতি ব্যস্ততাপূৰ্ণ এলেকা তথা বৃহৎ ষ্টেচনৰ সমীপত একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান । যাৰ পৰিণতিত কামাখ্যা ৰে'ল ষ্টেচনৰ প্ৰৱেশ পথছোৱা ঠেক হৈ পৰিছিল । ঠেক পথচোৱাৰ বাবেই তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল মালিগাঁও চাৰিআলিত ।
কামাখ্যা ৰে'ল ষ্টেচনৰ সমীপত উচ্ছেদ অভিযান - কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল বিভাগৰ উচ্ছেদ অভিযান
মালিগাঁৱৰ কামাখ্যা ৰে'ল ষ্টেচনৰ সমীপত ৰে'ল বিভাগৰ উচ্ছেদ অভিযান । অবৈধভাৱে গঢ় লৈ উঠা গৃহ, দোকান-পোহাৰ উচ্ছেদ কৰে ৰে'লৱে কৰ্তৃপক্ষই ।
![কামাখ্যা ৰে'ল ষ্টেচনৰ সমীপত উচ্ছেদ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4957613-thumbnail-3x2-ks.jpg)
কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল বিভাগৰ উচ্ছেদ অভিযান
কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল বিভাগৰ উচ্ছেদ অভিযান
ৰে'ল বিভাগে বিভিন্ন সময়ত অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান খালী কৰাৰ জাননী দিছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল লোকসকলে । যাৰ বাবে ৰে'ল বিভাগে নিজাববীয়াকৈ এনেদৰে চলালে উচ্ছেদ অভিযান । প্ৰায় ২০টা অবৈধ গৃহ আৰু ১৫খনকৈ দোকান উচ্ছেদ কৰে ৰে'ল বিভাগে । কাইলৈও এই উচ্ছেদ অভিযান চলিব বুলি জানিবলৈ দিয়ে কামাখ্যা ৰে'ল আৰক্ষী বিষয়া জয়ন্ত দাসে ।
লগতে পঢ়ক: গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন