গুৱাহাটী, 5 মাৰ্চঃ দেশত এতিয়া দেখা দিছে ভয়াৱহ আৰ্থনৈতিক সংকটে । যাৰ বাবে চৰকাৰী খণ্ডক ব্যক্তিগতকৰণ কৰাত নামি পৰিছে কেন্দ্ৰীয় চৰকাৰ । শেহতীয়াকৈ ৰে'ল বিভাগক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে উঠি পৰি লাগিছে মোদী চৰকাৰ । ইতিমধ্যেই ৫০টা ষ্টেচন তথা ১০০ টা ৰ'টত ১৫০ খন ব্যক্তিগত ৰে'ল চলাচল কৰাৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে । চৰকাৰৰ এনেবোৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নে ।
ব্যক্তিগতকৰণৰ দিশে ভাৰতীয় ৰে'ল বিভাগ ! - উত্তৰ-পূৱ সীমান্ত ৰে'লৱে
বৃহস্পতিবাৰে মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নে ৷ শ্ৰমিক-কৰ্মচাৰীসকলক ব্যক্তিগত খণ্ডক গটাই দিয়া়ৰ অভিযোগতে প্ৰতিবাদ সাব্যস্ত কৰে মজদুৰ ইউনিয়নে ৷
![ব্যক্তিগতকৰণৰ দিশে ভাৰতীয় ৰে'ল বিভাগ ! ভাৰতীয় ৰে'ল বিভাগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6307394-166-6307394-1583412815666.jpg)
ব্যক্তিগতকৰণৰ দিশে ভাৰতীয় ৰে'ল বিভাগ!
ব্যক্তিগতকৰণৰ দিশে ভাৰতীয় ৰে'ল বিভাগ !
শ্ৰমিক-কৰ্মচাৰীসকলৰ অভিযোগ, চৰকাৰৰ পুজিপতি প্ৰীতিৰ বাবে এটাৰ পিছত এটা চৰকাৰী খণ্ড ব্যক্তিগত খণ্ডক গটাই দিয়াত লাগিছে । অতিকৈ পুৰণি ৰে'ল বিভাগক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে মজদুৰ ইউনিয়নে । তাৰোপৰি ৰে'লৱেৰ নতুন পেঞ্চন নীতি বলবৎ কৰি শ্ৰমিক-কৰ্মচাৰীসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ উত্থাপন কৰে ইউনিয়নে । নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল নাৰাখিলে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নে ।
Last Updated : Mar 5, 2020, 6:56 PM IST