অসম

assam

ETV Bharat / state

ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদৰ সিদ্ধান্ত ভাৰতীয় ৰে'লৱে মজদুৰ সংঘৰ - \পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘ

ৰে'লৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে দিল্লীত অহা মাহত এক বিশাল ৰেলী আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰে'লৱে মজদুৰ সংঘই ৷ এই ৰেলীত পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘয়ো যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ৰে'লখণ্ডক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতাৰে দিল্লীত হ'ব বিশাল প্ৰতিবাদ

By

Published : Nov 1, 2019, 12:46 AM IST

ৰে'লখণ্ডক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতাৰে দিল্লীত হ'ব বিশাল প্ৰতিবাদ

গুৱাহাটী , 31 অক্টোবৰঃবৃহস্পতিবাৰে মহানগৰীৰ গোশালাত অনুষ্ঠিত হয় পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ সাধাৰণ পৰিষদীয় বৈঠক ৷ ৰে'ল কৰ্মচাৰীৰ বিভিন্ন সমস্যা সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হয় ৷ বৈঠকত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে'লখণ্ডক ব্যক্তিগতকৰণ কৰাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত সন্দৰ্ভত আলোচনা কৰা হয় ৷

মোডী চৰকাৰে পূঁজিপতিক ৰঙা দলিচা পাৰি দিব বিচৰা কাৰ্যক এক মুখে নস্যাৎ কৰে সংঘই । ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে দিল্লীত অহা মাহত এক বিশাল ৰেলী আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰে'লৱে মজদুৰ সংঘই ।

লগতে পঢ়কঃ চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ এবিএমছু

৭ লাখৰো অধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই ৰেলীত পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘয়ো যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সাধাৰণ কৰ্মচাৰীক কেন্দ্ৰীয় চৰকাৰে পেটে ভাতে মৰাৰ যি চক্ৰান্ত চলাইছে সেই সিদ্ধান্ত কোনো কালেই সমৰ্থন নকৰে বুলি উল্লেখ কৰে ভাৰতীয় ৰে'লৱে মজদুৰ সংঘৰ সাধাৰণ সম্পাদক অশোক কুমাৰ শুক্লাই ৷

ABOUT THE AUTHOR

...view details