অসম

assam

ETV Bharat / state

পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ ৰে'ল সেৱা - উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য

অনিৰ্দিষ্টকাললৈ পুনৰ বন্ধ ৰে'ল সেৱা । পূৰ্বৰ নিৰ্দেশ মৰ্মে ১২ আগষ্ট অৰ্থাৎ বুধবাৰলৈ বন্ধ ৰখা হৈছিল ৰে'লৰ চলাচল। নতুন নিৰ্দেশনা অনুসৰি বিশেষ ৰে'লসমূহৰ বাহিৰে সকলো স্থানীয় ৰে'ল, দূৰণিবটীয়া ৰে'লৰ চলাচল পুনৰ বন্ধ থাকিব । এই বিষয়ে ইটিভি ভাৰতক জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷

Railway cancels all regular train services
পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ ৰে'ল সেৱা

By

Published : Aug 12, 2020, 8:59 PM IST

গুৱাহাটী,12 আগষ্টঃলক্ ডাউনৰ বাবে এক বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয় ৰে'ল বিভাগ। কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে চলিত বৰ্ষৰ মাৰ্চৰ পৰায়ে বন্ধ হৈ আছে ৰে'ল সেৱা। যাৰ বাবে ক্ষতিৰ সন্মুখীন ৰে'ল বিভাগ । তথ্য অনুসৰি লক্ ডাউনৰ পূৰ্বে প্ৰতিদিনেই উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত ২৫০ খনকৈ ৰে'ল চলাচল কৰিছিল। এই ৰে'লযোগে প্ৰতিদিনেই প্ৰায় ২ লাখ যাত্ৰী আহ-যাহ কৰি আছিল । কিন্তু কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবেই দেশত স্তব্ধ ৰে'ল সেৱা । বৰ্তমান চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমত ৪ খন আৰু পশ্চিম বংগত ৩ খনকৈ বিশেষ ৰে'ল চলাচল কৰি আছে । এই ৰে'লযোগে প্ৰতিদিনেই প্ৰায় ৭হাজাৰকৈ যাত্ৰীৰ আহ-যাহ চলি আছে। পূৰ্বৰ নিৰ্দেশ মৰ্মে ১২ আগষ্ট অৰ্থাৎ বুধবাৰলৈ বন্ধ ৰখা হৈছিল ৰে'লৰ চলাচল । যাৰ বাবে পুনৰ নতুন নিৰ্দেশনা জাৰি কৰিছে ৰে'ল বিভাগে ।

পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ ৰে'ল সেৱা

এই নতুন নিৰ্দেশনা অনুসৰি সকলো স্থানীয় ৰে'ল, দূৰণিবটীয়া ৰে'লৰ চলাচল বন্ধ থাকিব । অৱশ্যে এই সময়চোৱাত বিশেষ ৰে'লসমূহৰ চলাচল অব্যাহত থাকিব। অসমত বৰ্তমান ৪খনকৈ বিশেষ ৰে'লৰ চলাচল অব্যাহত আছে। বিশেষ ৰে'ল তথা মালবাহী ৰে'ল পূৰ্বৰ দৰে চলাচল কৰিব যদিও অন্য ৰে'লৰ সেৱা পুনৰ অনিৰ্দিষ্টকাললৈ বাতিলৰ সিন্ধান্ত লৈছে ৰে'ল মন্ত্ৰালয়ে। এই কথা ইটিভি ভাৰতক জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই। ইফালে গুৱাহাটী-যোৰহাট জনশতাব্দী এক্সপ্ৰেছ পূৰ্বে চলোৱা হৈছিল যদিও ৰাজ্যত আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ হোৱা হেতুকে এতিয়া অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছে ৰে'লখনৰ চলাচল। ৰে'ল মন্ত্ৰালয়ৰ কোনো নিৰ্দেশ নহা পৰ্যন্ত এই সিন্ধান্ত বাহাল থাকিব বুলি উল্লেখ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।

লগতে পঢ়কঃচিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী

ABOUT THE AUTHOR

...view details