গুৱাহাটী, 20 ডিচেম্বৰ :দেওবাৰে মঠঘৰীয়াৰ জু নাৰেংগী পথত মুকলি কৰা হয় ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় ৷ মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাইজৰ দলৰ মুখ্য উপদেষ্টা জাহ্নু বৰুৱাই ৷ এই অনুষ্ঠানতে উন্মোচন কৰা হয় ৰাইজৰ দলৰ পতাকাও ৷
মহানগৰীত মুকলি কৰা হ'ল ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় - জু-নাৰেংগী পথ
অখিল গগৈয়ে মুক্তি নাপালে ২১ৰ নিৰ্বাচনত অখিল গগৈৰ মুক্তিয়েই হ'ব ৰাইজৰ দলৰ এটা মুখ্য বিষয় । লগতে চৰকাৰে অখিল গগৈক নিৰ্বাচনলৈকে বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিছে বুলি আজিৰ অনুষ্ঠানতে অভিযোগ কৰে ৰাইজৰ দলৰ আহ্বায়ক ভাস্কো ডি শইকীয়াই ৷
মহানগৰীৰ জু-নাৰেংগী পথত মুকলি কৰা হ'ল ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়
ইতিমধ্যে ৰাইজৰ দলৰ ২৯ খন জিলা সমিতি গঠন কৰা হৈছে বুলি অৱগত কৰে দলটোৰ নেতৃত্বই ৷ ইয়াৰ উপৰিও ১২৬ টা সমষ্টিৰ ভিতৰত বৰ্তমানলৈ ৭৫ টা সমষ্টিত সাংগঠনিক ভেটি সুদৃঢ় কৰা হৈছে বুলিও মন্তব্য কৰে ভাস্কো ডি শইকীয়াই ৷
Last Updated : Dec 20, 2020, 7:18 PM IST