অসম

assam

ETV Bharat / state

অখিল গগৈয়ে হ’ব ৰাইজৰ দলৰ সভাপতি : ৰুবুল দাস

7 জানুৱাৰীৰ পৰা মৰাণত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাইজৰ দলৰ কেন্দ্ৰীয় অধিৱেশনত দলটোৰ সভাপতিৰ দায়িত্ব বহন কৰিব কৃষক নেতা অখিল গগৈয়ে ৷ 5 তাৰিখৰ ভিতৰত মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অখিল গগৈৰ ৷ ইটিভি ভাৰতক এই কথা জানিবলৈ দিয়ে ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য সমন্বয়ক ৰুবুল দাসে ৷

raijor dol chief co ordinator rubul das
ৰাজ্যিক মুখ্য সমন্বয়ক ৰুবুল দাসৰ মন্তব্য

By

Published : Jan 3, 2021, 1:50 PM IST

গুৱাহাটী,3 জানুৱাৰী : আগন্তুক 7 জানুৱাৰীৰ পৰা মৰাণত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰাইজৰ দলৰ কেন্দ্ৰীয় অধিৱেশন ৷ 70 টা জাতীয় সংগঠনক লৈ গঠন হোৱা আঞ্চলিক দলটোৰ সভাপতিৰ আসন অলংকৃত কৰিব কৃষক নেতা অখিল গগৈয়ে ৷ অখিল গগৈৰ নেতৃত্বতেই এইবাৰ দিছপুৰত এখন আপোচবিহীন আঞ্চলিক দলৰ চৰকাৰ হ’ব ৷ এই মন্তব্য কৰে ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য সমন্বয়ক ৰুবুল দাসে ৷

‘কা’ৰ বিৰোধিতা কৰি ৰজাঘৰীয়াৰ ৰোষত পৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ সম্প্ৰতি মুকলি আকাশৰ তললৈ ওলাই অহাৰ অপেক্ষাত আছে সকলো ৷ বিগত সময়ছোৱাত বহুবাৰ কৃষক নেতাজনৰ মুকলি আকাশৰ তললৈ ওলোৱাৰ পথ প্ৰশস্ত হৈছিল যদিও এটাৰ পাচত আনটো চৰকাৰী পক্ষই জাপি দিয়া গোচৰৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই ৷

ৰাজ্যিক মুখ্য সমন্বয়ক ৰুবুল দাসৰ মন্তব্য

ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ কেন্দ্ৰীয় অধিৱেশন 3 জানুৱাৰীৰ পৰিৱৰ্তে 7 জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ৷ অখিল গগৈৰ নেতৃত্বত এইবাৰ আঞ্চলিক চৰকাৰ গঠন হোৱাতো বিচাৰে ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে ৷ ইটিভি ভাৰতৰ সন্মুখত সেয়া স্পষ্ট কৰে দলটোৰ মুখ্য সমন্বয়ক ৰুবুল দাসে ৷

ৰুবুল দাসৰ ভাষ্য অনুসৰি, নিশ্চিতভাৱে অখিল গগৈয়েই হ’ব ৰাইজৰ দলৰ সভাপতি ৷ 5 তাৰিখৰ ভিতৰত মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অখিল গগৈ ৷ অখিল গগৈ ওলাই আহিলে এক বিশাল সমদলেৰে তেওঁক আদৰি নিয়া হ’ব মৰাণ অধিৱেশনলৈ ৷ লগতে এই অধিৱেশনতেই আনুষ্ঠানিকভাৱে দলৰ সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰিব অখিল গগৈয়ে ৷

আনহাতে যদি কিবা কাৰণত চৰকাৰী মেৰপেচৰ বাবে মৰাণ অধিবেশনৰ পূৰ্বে অখিল ওলাই অহাটো সম্ভৱ নহয়, তেনেহ’লে অধিৱেশনত ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব কাক অৰ্পণ কৰিব সেয়া দলে নিশ্চিত কৰিব বুলিও মত পোষণ কৰে ৰুবুল দাসে ৷ সমান্তৰালভাৱে দলৰ আন আন বিষয়ববীয়া সন্দৰ্ভত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিভিন্ন দল-সংগঠনৰ সমন্বয়ত গঠন হ’ব ৰাইজৰ দলৰ কাৰ্যকৰী সমিতি ৷ মূল সমিতিৰ পৰা যাতে কোনো বাদ নপৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব দলৰ নেতৃত্বই ৷

লগতে পঢ়ক :জুক’ ভেলীৰ বনজুই নিয়ন্ত্ৰণৰ বাবে বাম্বি বাকেট অভিযান বায়ুসেনাৰ

ABOUT THE AUTHOR

...view details