গুৱাহাটী, ২৯ নৱেম্বৰ : অসমীয়া ভাষা বিদ্বেষ মন্তব্য কৰা স্বয়ম্ভূ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ চৰকাৰৰ সিদ্ধান্তক ৰাইজৰ দলে আদৰণি জনাইছে(Raijor dal welcomes Pradip Dutta Roys arrest ) যদিও বিজেপি চৰকাৰখনৰ বিফলতা সমূহ ঢাকিবলৈ লগতে অসমৰ জনসাধাৰণক তাৰ পৰা দৃষ্টি আঁতৰাই নিয়াৰ বাবে প্ৰদীপ দত্ত ৰয় ৰ জৰিয়তে এনেধৰণৰ অসমীয়া বিৰোধী মন্তব্য কৰা বুলিও সন্দেহ প্ৰকাশ কৰে ৰাইজৰ দলে ।
মুখ্যমন্ত্ৰীৰ বিফলতাক লৈ সৰৱ পৰা ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে ৫ মাহ সম্পূৰ্ণ নৌহওতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰ খনে ৪৮০০ কোটি টকাৰ ঋণ লবলগীয়া হোৱাটো চৰকাৰখনৰ বিফলতা বুলি উল্লেখ কৰে(debt on Himanta government )। সোমবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অয়োজিত এক সংবাদমেলত ৰাইজৰ দলৰ উপ-সভাপতিগৰাকীয়ে প্ৰদীপ দত্ত ৰয়ক বিজেপিৰ এজেন্ট আখ্যা দিয়ে ।
তেওঁ লগতে কয় ধৰ্মৰ নামত, ভাষাৰ নামত ৰাজনীতি কৰা সাম্প্ৰদায়িক বিজেপি চৰকাৰে সততে অসমীয়া গিৰীৰ কথা কয়, কিন্তু ৰাইজৰ দলে অসমত ‘অসমীয়াগিৰী’ প্ৰতিষ্ঠা কৰাৰ বাবেহে আগবাঢ়ি আহিছে । মুখ্যমন্ত্ৰীয়ে কোৱা অসমীয়াগিৰী, ভাৰতীয়গিৰী প্ৰসংগ সন্দৰ্ভত ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,বিশ্বৰ ক্ষুধাতুৰ ১১৫ খন দেশৰ ১১১ নম্বৰত ভাৰতৰ স্থান ।