অসম

assam

ETV Bharat / state

অখিলক বন্দী কৰি ৰাখি বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়ী হোৱাৰ স্বপ্ন দেখিছে: ৰাইজৰ দল - জাতীয় সংগঠন

গুৱাহাটীত ৰাইজৰ দলৰ সংবাদমেল ৷ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সম্বোধন কৰে সংবাদমেল ৷ বিজেপি চৰকাৰক কটাক্ষ ভাস্কো ডি শইকীয়াৰ ৷

raijor-dal-press-meet-at-ghy
অখিল বন্দী কৰি ৰাখি বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়ী হোৱাৰ স্বপ্ন দেখিছে: ৰাইজৰ দল

By

Published : Feb 12, 2021, 5:45 PM IST

গুৱাহাটী, 12 ফেব্ৰুৱাৰী :অখিল গগৈক মৃত্যুৰ ভয় দেখুওৱা হৈছে ৷ প্ৰলোভন দিয়া হৈছে অখিলক ৷ কাৰাগাৰত মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে ৷ কিন্তু অখিল গগৈয়ে আপোচ নকৰে ৷ আপোচ নকৰা বাবেই তেওঁক পোতাশালৰ পৰা মুকলি কৰি দিয়া নাই ৷ অখিল গগৈক বন্দী কৰি ৰাখি চৰকাৰে 2021 চনৰ নিৰ্বাচনত জয়ী হোৱাৰ দিবাস্বপ্ন দেখিছে ৷ যাৰবাবে 2021 চনৰ নিৰ্বাচনত ৰাইজৰ দল আৰু কৃষক মুক্তিয়ে সৰ্বাত্মক সংগ্ৰাম আৰম্ভ কৰিব ৷ এই মন্তব্য ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ ৷

কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ মন্তব্য

অখিল গগৈৰ মুক্তিৰ সন্দৰ্ভত শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই আয়োজন কৰিছিল সংবাদমেল ৷ সংবাদমেল কাৰ্যকৰী সভাপতি গৰাকীয়ে চৰকাৰক বিভিন্ন ভাষাৰে কঠোৰ সমালোচনা কৰে ৷ লগতে, চৰকাৰে অখিলক বন্দী কৰি ৰাখি সকলো জন বিৰোধী কামকাজ কৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷

ইফালে, শুকুৰবাৰৰ সংবাদমেল যোগে ৰাইজৰ দলৰ নেতৃত্বৰ কৃষক মুক্তি, জাতীয় সংগঠন, বুদ্ধিজীৱী সকলোকে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক :কৃষি কৰ্মৰে স্বাৱলম্বী ধুবুৰীৰ ১০৮ সেৱাৰ এম্বুলেন্স চালক

ABOUT THE AUTHOR

...view details