অসম

assam

ETV Bharat / state

Rang Ghar controversy: ৰংঘৰত আলোক সজ্জাৰে ধৰ্মীয় আৱৰণ দিব বিচাৰিছে বিজেপিয়ে; ৰাইজৰ দল - ৰাইজৰ দল

সচেতন মহলত জোকাৰণি তুলিছে ৰংঘৰ বিতৰ্কই ৷ আহোম ৰাজত্বকালৰ অসমীয়াৰ স্বাভিমান ৰংঘৰত নানা ৰঙী আলোকসজ্জাৰে ধৰ্মীয় কীৰ্তিচিহ্নৰ প্ৰতিফলন ঘটোৱা কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে অসমৰ বিভিন্ন দল-সংগঠন ৷ ক্ষুব্ধ হৈ ৰাইজৰ দলে আয়োজন কৰে এখনি সংবাদমেলৰ (Raijor dal hold a press meet) ৷

raijor dal hold a press meet
ৰংঘৰ বিতৰ্ক

By

Published : Apr 29, 2023, 11:05 PM IST

ৰংঘৰ বিতৰ্ক

গুৱাহাটী, 29 এপ্ৰিল :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এশ সংখ্যক ‘মন কি বাত’ অনুষ্ঠানৰ আঁত ধৰি অসমৰ ৰংঘৰক আলোকসজ্জাৰে জিলিকাই তুলিবলৈ সাজু হৈছে সাংস্কৃতিক মন্ত্ৰালয় অসম । পিছে ৰংঘৰ বাকৰিত প্ৰদৰ্শিত হ’বলগীয়া এই আলোকসজ্জাক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ । ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে ৰংঘৰ বাকৰি আলোকসজ্জা বিকৃত কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে (Raijor dal hold a press meet) ।

শনিবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে কয় যে, বীৰ লাচিতক হিন্দুবীৰ সজাবলৈ গৈ ইতিহাসক বিকৃত কৰিছে বিজেপিয়ে । বিকৃতকৰণৰ এয়া প্ৰথম ঘটনা নহয়, বিজেপিয়ে বাৰে বাৰে আক্ৰমণ কৰিছে ৰংঘৰক । ইয়াৰ পূৰ্বে কাৰেংঘৰত উৰুৱাইছিল RSS ৰ পতাকা (Rang Ghar controversy) ।

অসমৰ ৰংঘৰক আলোকসজ্জাৰে বিকৃতকৰণ কৰা বিজেপি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰি ৰাইজৰ দলৰ নেতা গৰাকীয়ে পুনৰ কয়, নৱ বৈষ্ণৱ ধৰ্মকো গেৰুৱা ৰং সানিব বিচাৰিছিল বিজেপিয়ে । কিয়নো, শংকৰদেৱক বাবা শংকৰদেৱ বুলি আখ্যা দিছিল বিজেপিয়ে ।

শেহতীয়াকৈ ৰংঘৰত আলোকসজ্জাৰে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰিব বিচৰা বুলি উল্লেখ কৰি তেওঁ কয়, ৰংঘৰ অসমীয়া জাতিৰ স্বাভিমান । আজি বিজেপিয়ে ৰংঘৰক ধৰ্মীয় চোলা পিন্ধাবলৈ গৈ প্ৰকৃততে অসমীয়া জাতিক লজ্জিত কৰাৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতি ভাবুকি আনিছে । ইফালে ইছলাম ধৰ্মৰ স্বাভিমানৰ প্ৰতীক তাজমহলো সাম্প্ৰদায়িক বিজেপি চৰকাৰে ধ্বংসৰ কৰাৰ বাবে উঠি পৰি লগা বুলি উল্লেখ কৰি তেওঁ কয়, এতিয়া বিজেপি, RSS ৰ ধ্বংসৰ হাতোৰা পৰিছে অসমীয়া স্বাভীমানৰ ওপৰত (Rang Ghar decorating controversy) । অসমৰ গৌৰৱ ৰংঘৰক বিশ্বৰ পৰা বিলোপ কৰিব বিচাৰিছে বিজেপিয়ে । সেয়ে অসমবাসী ৰাইজক বিজপিৰ এই আক্ৰমণৰ বিৰুদ্ধে থিয় হোৱাৰ আহ্বান জনাইছে ৰাইজৰ দলে ।

লগতে পঢ়ক :Scam in PMAY scheme: টকা দিলে ঘৰ পায়, টকা নিদিলে উপাই নাই ! ক’ত চলিছে এই বজাৰ ?

ABOUT THE AUTHOR

...view details