গুৱাহাটী, ৮ ডিচেম্বৰ :এক বৃহৎ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, ৰাজ্যৰ ইতিহাসৰ এক বৃহৎ ভূমি কেলেংকাৰী(alleged land grabbing scam in Assam)ত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা আৰু তেওঁলোকৰ পুত্ৰৰ নাম (Assam CM wife accused of involvement in land grabbing) ৷ চৰকাৰী আৰু চিলিং চৰকাৰী মাটি ক্ৰয়-বিক্ৰয় কৰাৰ এই কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে দুটাকৈ ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানত ।
উল্লেখ্য যে, কেইবা কোটি টকীয়া এই ভূমি কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ এই কেলেংকাৰীৰ অভিযোগত উচ্চাৰিত হৈছে ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা ৰিয়েল ষ্টেট কোম্পানীৰ নাম ৷ এনে ক্ষেত্ৰত ৰিণিকি ভূঞা শৰ্মাৰ লগতে এই কোম্পানীটোৰ বিৰুদ্ধে চিবিআই, ইডি ৰ তদন্তৰ দাবী তুলিছে ৰাইজৰ দলে(CBI and ED probe demanded against Riniki Bhuyan) ।
এই সন্দৰ্ভত বুধবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সংবোধন কৰে ৰাইজৰ দলৰ(Raijor dol) উপ-সভাপতি ৰাছেল হুছেইন আৰু কাৰ্যকৰী সভাপতি জিতুল ডেকাই ৷
ৰাইজৰ দলৰ নেতা কেইগৰাকীয়ে উক্ত সংবাদমেলতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত পত্নী ৰিণিকি ভূঞাই গুৱাহাটীত বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ তুলি ইয়াৰ তথ্য সাংবাদমাধ্যমৰ ওচৰত দাঙি ধৰে । ৰাইজৰ দলৰ নেতা দুগৰাকীয়ে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা অসমৰ ইতিহাসৰ এক বৃহৎ ভূমি কেলেংকাৰীৰ খলনায়ক বুলি অভিহিত কৰে ।
সংবাদ প্ৰতিষ্ঠান দুটাই প্ৰকাশ কৰা বাতৰিৰ আঁত ধৰি তেওঁলোকে কয়, ৰাজহুৱা অনুষ্ঠানৰ নামত আৱণ্টিত ভূমি তিনি বছৰলৈ চৰকাৰৰ নজৰত থাকে । যি কামৰ উদ্দেশ্যে আবণ্টন ভূমি যদি সেই কামত ব্যৱহাৰ নহয়, তেনেহ'লে চৰকাৰে সেই ভূমি উভতাই ল'ব পাৰে । কেতিয়াও এই মাটিৰ ক্ৰয়-বিক্ৰয় হ'ব নোৱাৰে ।