অসম

assam

ETV Bharat / state

ন্যায় যাত্ৰাত বাধা ! গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

Bharat Jodo Nyay Yatra: ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ ক্ষেত্ৰত অসম চৰকাৰৰ কেতবোৰ নিষেধাজ্ঞা ৷ উক্ত যাত্ৰা পাৰ হৈ যাব নোৱাৰিব গুৱাহাটীৰ মাজেৰে ৷ ব্যৱহাৰ কৰিব নোৱাৰিব শিক্ষানুষ্ঠানৰ খেলপথাৰ ৷

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 6:06 PM IST

Rahul Gandhi Nyay Yatra
গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

গুৱাহাটী, ১১ জানু্াৰী : অসমত স্কুল বা শিক্ষানুষ্ঠানৰ খেলপথাৰৰ বাবে অনুমতি দিয়া নহ’ব ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা’ত । ইয়াৰোপৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ভিতৰেদি অনুমতি দিয়া নহ’ব ৰাহুল গান্ধীৰ এই যাত্ৰাৰ ৷ বৃহস্পতিবাৰে আবেলি ৰাহুল গান্ধীক অসমৰ পৰ্যটকৰ লগত তুলনা কৰি এই কথা স্পষ্ট কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

অসমত প্ৰস্তুতি পৰ্বতেই কেনা লাগিছে ৰাহুল গান্ধীৰ অসমৰ ভিতৰেদি যাবলগীয়া 'ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ । উল্লেখ্য যে অসমৰ মাজেদি ৮ দিন হ’ব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ৷ উক্ত যাত্ৰাৰ বাবে কংগ্ৰেছে বিচৰাৰ দৰে লাভ কৰা নাই যাত্ৰাৰ কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় অনুমতি ৷ কংগ্ৰেছ দলে অভিযোগ কৰিছে যে ৰাহুল গান্ধীৰ এই যাত্ৰাত ভয় খাইছে বিজেপিয়ে ৷ সেয়ে অসমত ৰাহুলৰ এই যাত্ৰা বিফল কৰিবলৈ উঠি-পৰি লাগিছে অসমৰ বিজেপি চৰকাৰ ।

মুখ্যমন্ত্ৰীৰ সভাকক্ষত হোৱা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে স্কুল বা শিক্ষানুষ্ঠানৰ খেলপথাৰ অনুমতি ৰাহুল গান্ধীৰ যাত্ৰাৰ কাৰ্যসূচীৰ বাবে দিয়া নহ’ব ৷ আনহাতে গুৱাহাটী মহানগৰীৰ ভিতৰেদি অনুমোদন দিয়া নহ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ।

খানাপাৰাৰ পৰা জালুকবাৰীলৈ পথচোৱা অতি ব্যস্ত পথ হোৱাৰ লগতে পথটোত বহুতো নাৰ্চিংহোম থকাৰ বাবে এম্বুলেন্স অহা-যোৱা কৰি থাকে ৷ সেয়ে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাবে মহানগৰীৰ এই পথত অনুমতি দিয়া নহ’ব বুলি যুক্তি দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, অনুমতি নাপালে খেতিৰ পথাৰত ৰাহুল গান্ধীৰ কাৰ্যসূচী পালন কৰা হ’ব নাইবা ৰাতি থকা হ’ব বুলি মন্তব্য কৰিছে অসম কংগ্ৰেছে ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, “ৰাহুল গান্ধী আহিবলগীয়া পথাৰখন কাটি সমান কৰিবলগীয়া হ’লে আমিয়েই কৰি দিম ৷ মোক যদি গামোচা পিন্ধায়, কেম্পত গৈ ময়ো পিন্ধাই থৈ আহিম ৷”

ইয়াৰোপৰি ৰাহুল গান্ধীক পৰ্যটক আখ্যা দিয়ে হিমন্ত বিশ্ব শৰ্মাই৷ অসমত পৰ্যটকৰ সংখ্যা বাঢ়িলে আমি ভালেই পাও বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷ মুখ্যমন্ত্ৰীজনৰ কংগ্ৰেছক কটাক্ষ, “ বিহুত মানুহে পিঠা-পনা খাব, ৰাম মন্দিৰ চাবলৈ যাব ৷ কোনোবাই ভাওনা কৰিবলৈ আহিলে কোনে ভাওনা চাবলৈ যাব ?’’

কংগ্ৰেছক বেছি ভাওনা নকৰিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত লোকসভা নিৰ্বাচনৰ পৰ্যটক পাৰ হৈ গ’লে বিজেপিৰ আসন বাঢ়িবহে পাৰে ৷ সি যিয়েই নহওক, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমৰ ৮ দিনক লৈ যে কংগ্ৰেছ বাৰুকৈয়ে অসুবিধাত পৰিছে সেয়া সহজেই অনুমেয় ৷

লগতে পঢ়ক:টকা 10 হাজাৰ দিব মুখ্যমন্ত্ৰীয়ে: কেৱল হিচাপ মিলিব লাগিব সন্তানৰ

ABOUT THE AUTHOR

...view details