অসম

assam

ETV Bharat / state

Bharat Jodo Yatra 2: ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ দ্বিতীয় লানি ভাৰত জোড়ো কাৰ্যসূচী অৰুণাচলৰ পাছিঘাটৰ পৰা

বিতৰ্কিত মোদী উপাধি গোচৰত ৰাহুল গান্ধীৰ ওপৰত চূৰাট আদালতে দিয়া শাস্তিৰ ৰায়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ পাচতে পুনৰ অধিক সক্ৰিয় হৈ পৰিছে ৰাহুল গান্ধীৰ ৷ অহা ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে পুুনৰ ভাৰত জোড়ো যাত্ৰা কৰাৰ চিন্তা চৰ্চা কৰিছে ৷ ইয়াৰ ইংগিত দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

Bharat Jodo Yatra 2
Bharat Jodo Yatra 2

By

Published : Aug 5, 2023, 7:42 PM IST

ৰাহুল গান্ধীৰ দ্বিতীয় লানি ভাৰত জোড়ো কাৰ্যসূচী অৰুণাচলৰ পাছিঘাটৰ পৰা

গুৱাহাটী, ৫ আগষ্ট:অহা ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে পুনৰ আৰম্ভ কৰিব দ্বিতীয় লানি ভাৰত জোড়ো কাৰ্যসূচী ৷ দেশৰ উচ্চতম ন্যয়ালয়ে মোদী বিতৰ্কত ৰাহুল গান্ধীক সকাহ দিয়াৰ পিচত স্বাভাৱিকতে সমগ্ৰ দেশতে উচ্ছাহিত হৈ পৰিছে কংগ্ৰেছৰ লগতে বিৰোধী সন্মিলিত শক্তি ইণ্ডিয়াৰ সদস্যসকল ৷ ব্যতিক্ৰম নহয় অসম কংগ্ৰেছো ।

অহা ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে পুনৰ দ্বিতীয় লানি ভাৰত জোড়ো কাৰ্যসূচী আৰম্ভ কৰিব বুলি শনিবাৰে ইংগিত প্ৰদান কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মানহানি গোচৰৰ শাস্তিৰ ৰায়ৰ ওপৰত দিয়া স্থগিতাদেশৰ শুনানি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীৰ দলপতিগৰাকীয়ে ৷

‘‘এয়া গণতন্ত্ৰ জয়, ন্যায়পালিকাৰ জয় ৷ আগন্তুক সময়ত সুস্থ গণতন্ত্ৰ আৰু মূল্যবোধেৰে জীয়াই থাকিবলৈ হ’লে ল’ব লগীয়া ভূমিকাৰ বাবে বিৰোধীৰ Team INDIA ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷” মন্তব্য দেৱব্ৰত শইকীয়াৰ ।

লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় লানি কাৰ্যসূচী প্ৰসংগত ইংগিত প্ৰদান কৰে ৷ সেই অনুসৰি ছেপ্তেম্বৰ মাহৰ প্ৰথমাৰ্ধতে আৰম্ভ হ’ব দ্বিতীয় লানি ভাৰত জোড়ো যাত্ৰা ৷

ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় লানি কাৰ্যসূচী সন্দৰ্ভত আৰু অহা ৮ আগষ্টত দিল্লীত অনুষ্ঠিত হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত বিৰোধীৰ দলপতি শইকীয়াই এইদৰে কয়, “ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ঘোষণাৰ পিচতে ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে মই মোৰ কাম কৰি যাম । সংসদৰ সদস্য পদ বাতিল হোৱাৰ পিচতে ৰাহুল গান্ধীয়ে দ্বিতীয় লানি ভাৰত জোড়ো যাত্ৰাৰ কথা ঘোষণা কৰিছিল । সবিশেষ গম নাপালেও ছেপ্টেম্বৰ মাহত অৰুণাচলৰ পাছিঘাটৰ পৰা দ্বিতীয়লানি ভাৰত জোড়ো যাত্ৰা আৰম্ভ হ’ব বুলি আশা কৰিছো ।’’

তেওঁ আৰু কয়, ‘‘ইতিমধ্যে বিৰোধীৰ কাৰ্যসূচী নাইবা লোকসভা নিৰ্বাচনক লৈ নিয়মীতভাৱে বৈঠক হৈছে আছে ৷ এইবাৰো ৮ তাৰিখে এনে প্ৰস্তুতি সভাই আয়োজন কৰি হৈছে ৷ বিৰোধীৰ নিৰ্বাচনী প্ৰস্তুতি দ্ৰুত গতিত চলি আছে ৷”

লগতে পঢ়ক:INDIA coalition next meeting : মুম্বাইত অনুষ্ঠিত হ’ব INDIA ৰ পৰৱৰ্তী বৈঠক !

ABOUT THE AUTHOR

...view details