অসম

assam

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:35 PM IST

ETV Bharat / state

AIUDF-Congress alliance: ৰাহুল গান্ধীয়ে AIUDFক প্ৰত্যাখান ঘোষণাৰ পিছতো I.N.D.I.A.ত প্ৰৱেশৰ আশা এৰা নাই আজমলে

ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতেই AIUDFৰ মিত্ৰতাৰ অংকত আউল লাগিছে ৷ ইমানদিনে কংগ্ৰেছৰ সৈতে অথবা বিৰোধী ঐক্যৰ সৈতে মিত্ৰতা কৰিবলৈ শূন্যত গদা ঘূৰাই আহিছিল আজমলে ৷ আশা কৰিছিল যে অসমৰ কংগ্ৰেছ নেতৃত্বই মানি নল’লেও দিল্লীৰ নেতৃত্বই মানি ল’ব AIUDFৰ মিত্ৰতাৰ প্ৰস্তাৱ ৷ কিন্তু ৰাহুল গান্ধীয়ে স্পষ্টভাৱে AIUDFৰ সৈতে মিত্ৰতা নকৰোঁ বুলি কোৱাৰ পাছত কি কৰিব এতিয়া আজমলে ?

AIUDF-Congress alliance
AIUDF-Congress alliance

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: কংগ্ৰেছে যোৱা প্ৰায় দুবছৰ ধৰি AIUDFৰ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি আহিছে । অসমত AIUDFৰ সৈতে কোনো সম্পৰ্ক নাই বুলি শেহতীয়াভাৱে দিল্লীত ঘোষণা কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ৷

তাৰ পিছতে তোলপাৰ লাগিছে অসমৰ ৰাজনীতিত ৷ লগে লগে বিৰোধীৰ মিত্ৰজোঁট I.N.D.I.A.ত প্ৰৱেশৰ পথ ৰুদ্ধ হৈ পৰিল AIUDFৰ ৷ স্বাভাৱিকতে এতিয়া কেৱল অসমতে নহয় বিৰোধীৰ শিবিৰত একাষৰীয়া হৈ পৰিছে AIUDF ৷

কংগ্ৰেছে সাম্প্ৰদায়িক আখ্যাৰে দূৰলৈ ঠেলি পঠিয়াইছে AIUDFক ৷ কিন্তু আজমল নেতৃত্বাধীন দলটোৱে আশা এৰা নাই I.N.D.I.A.ত অংশগ্ৰহণ কৰাৰ ৷

এতিয়া স্বাভাৱিকতে লক্ষণীয় হৈছে ৰাহুল গান্ধীয়ে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰে মিত্ৰতা নহয় বুলি দিল্লীত ঘোষণা কৰাৰ পাছত এতিয়া কি ভূমিকা হ’ব আজমলৰ ? অকলেই বিৰোধী হিচাবে থাকিব নে আন কিবা পদক্ষেপ ল’ব ৷ অসমৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰকাৰী ৰাহুল গান্ধীৰ মন্তব্যৰ পিছত সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে AIUDFৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল ৷

ৰাহুল গান্ধীয়ে স্পষ্টকৈ প্ৰত্যাখান কৰাৰ পিছত I.N.D.I.A.ত অংশগ্ৰহণৰ বাবে এতিয়া আজমলৰ শেষ ভৰসা হৈ পৰিছে বিজেপি বিৰোধী মিত্ৰজোঁটটোৰ প্ৰধান দুজন নেতা নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰ ৷

অৱশ্যে AIUDFৰ তৰফৰপৰা আনুষ্ঠানিকভাৱে সদৰী কৰিছে যে আৰম্ভণিৰে পৰা অসমত এআইইউডিএফে অকলেই নির্বাচন খেলি আহিছে । অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক শোষণ আৰু বঞ্চনাৰ বাবেই জন্ম হৈছিল AIUDF । কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত ডি ভোটাৰ, এনআৰচিৰ নামত হাৰাশাস্তিৰ সম্মুখীন হৈ আহিছে এইসকল লোক ।

কংগ্ৰেছৰ সৈতে আগতে কেতিয়াও AIUDFৰ মিত্রতা নাছিল । কেৱল বিগত বিধানসভা নির্বাচনত বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত কংগ্ৰেছ তথা সমভাৱাপন্ন বিজেপি বিৰোধী দলসমূহৰ সৈতে মহাজোঁটত চামিল হৈছিল ।


ইতিমধ্যে ইটিভি ভাৰতৰ সন্মুখত AIUDFৰ সাধাৰণ সম্পাদক বিধায়ক আমিনুল ইছলামে সদৰী কৰি কয়, “ৰাহুল গান্ধীয়ে কোনো নতুন কথা কোৱা নাই । AIUDFৰ লগত কংগ্ৰেছৰ কোনো মিত্রতা নাই । ৰাহুল গান্ধীয়ে পুৰণা কথাই কৈছে ।’’ ইয়াক লৈ আমি চিন্তিত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে আমি বিচাৰো সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগে । বিজেপিক পৰাভূত কৰিবলৈ হ'লে সকলো ঐক্যবদ্ধ হ'ব লাগিব ।

দলটোৰ বিভিন্ন বিধায়ক, দলীয় বিষয়-বাবধাৰীয়ে দাবী কৰিছে যে AIUDFয়ে এতিয়াও কংগ্ৰেছৰে মিত্ৰতা বিচৰা নাই । কিছুদিনৰ পূৰ্বে নীতিশ কুমাৰ, শাৰদ পাৱৰক সাক্ষাৎ কৰিছিল আজমলসহ AIUDFৰ সঁজাতী দলে ৷ তেতিয়াও ৰাহুল গান্ধীয়ে মিত্ৰতা নাকচ কৰাৰ পিছত তেওঁলোকে প্ৰকাশ কৰিছিল যে নীতিশ কুমাৰ, শাৰদ পাৱাৰে আহ্বান জনোৱাৰ বাবেহে AIUDFয়ে বিৰোধীৰ মিত্ৰজোঁটত চামিল হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে । একমাত্র বিজেপিক পৰাভূত কৰাৰ লক্ষ্য প্রাপ্তিৰ বাবে বিজেপি বিৰোধী মিত্ৰজোঁট 'I.N.D.I.A.'ত চামিল হ'বলৈ এতিয়াও আগ্রহী AIUDF ।

ইফালে, প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি অসম কংগ্ৰেছৰ প্ৰায় সকলোৱে AIUDFৰে মিত্ৰতা প্ৰত্যাখান কৰাৰ পাছত আজমলে ৰাজহুৱাভাৱে মন্তব্য দাবী কৰি আহিছিল যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতেহে মিত্রতা সন্দৰ্ভত আলোচনা কৰি আহিছে AIUDFয়ে ।

পূৰ্বেও কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সৈতে হোৱা আলোচনা মর্মেহে UPAৰ অংশীদাৰ হৈ আহিছিল AIUDF । সেয়ে মিত্রতা সন্দৰ্ভত আজমলৰ দলে অসম কংগ্ৰেছৰ কোনো নেতাৰ সৈতে কথা নাপাতে । কংগ্ৰেছৰ হাই কমাণ্ডে নিৰ্দেশ দিলেই মুখ বন্ধ ৰাখিবলৈ বাধ্য হ’ব প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ ।

কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে দিল্লীত এক অনুষ্ঠানত মিত্ৰতা নকৰাৰ কথা স্পষ্ট কৰাৰ পাছত সুৰ সলাই আজমলে কয় নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰে নিমন্ত্ৰণ কৰাৰ কথা ৷ দলটোৰ জ্যেষ্ঠ নেতা তথা আজমলৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে AIUDFয়ে এতিয়াও আশা পুহি ৰাখিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে I.N.D.I.A.ৰ অংশীদাৰ হ’বলৈ সক্ষম হ’ব ৷

নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰৰ জৰিয়তে ৰাহুল গান্ধী নাইবা কংগ্ৰেছ নেতৃত্বক সৈমান কৰি I.N.D.I.A.ত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব নে AIUDF ? সময়েহে ক’ব ৰাহুল গান্ধীয়ে কৰা প্ৰত্যাখানৰ পিছত বদৰুদ্দিন আজমলে শেষ ভৰসা স্বৰূপে শাৰদ পাৱাৰ আৰু নীতিশ কুমাৰৰ সহাৰি পাব নে নাপায় ?

লগতে পঢ়ক:Riniki Bhuyan subsidy scam: প্ৰসংগ মুখ্যমন্ত্রীৰ পত্নীৰ ৰাজসহায্য; প্ৰধানমন্ত্রীলৈ পত্র প্ৰেৰণ সাংসদ গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

...view details