অসম

assam

ETV Bharat / state

Rabindra Bhawan in Guwahati: শীঘ্ৰে হাতুৰীৰ কোব পৰিব ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত !

এইবাৰ প্ৰশাসনৰ হাতুৰীৰ কোব পৰিব মহানগৰীৰ কলা সংস্কৃতিৰ কেন্দ্ৰবিন্দুস্বৰূপ ৰবীন্দ্ৰ ভৱনত(Rabindra Bhawan in Guwahati) । ৰবীন্দ্ৰ ভৱনটো ভাগি সেই স্থানত নিৰ্মাণ কৰা হ’ব এটা অট্টালিকা ।

Rabindra Bhawan in Guwahati
মহানগৰীৰ কলা সংস্কৃতিৰ কেন্দ্ৰবিন্দুস্বৰূপ ৰবীন্দ্ৰ ভৱন

By

Published : Dec 21, 2022, 6:52 PM IST

শীঘ্ৰে হাতুৰীৰ কোব পৰিব ৰবীন্দ্ৰ ভৱনত !

গুৱাহাটী, ২১ ডিচেম্বৰ :শীঘ্ৰে হাতুৰীৰ কোব পৰিব ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত(Rabindra Bhawan of Guwahati) । তাকে লৈ এতিয়া ব্যাপক চৰ্চা হৈছে ৰাজ্যৰ সাংস্কৃতিক মহলত । ৰবীন্দ্ৰ ভৱনটো ভাগি সেই স্থানত নিৰ্মাণ কৰা হ’ব এটা অট্টালিকা । য‘ত কেইবাটাও কোঠা আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব । অহা বৰ্ষৰ বাজেটৰ পিছতে আৰম্ভ হ’ব পুনৰ নিৰ্মাণৰ কাম(Rabindra Bhawan To Be Demolished) । ইয়াৰ বাবে ইতিমধ্যে প্ৰায় ছমাহ ধৰি ৰবীন্দ্ৰ ভৱনৰ ভিতৰত চলি থকা মেৰামতিৰ কাম-কাজ বন্ধ কৰি দিয়া হৈছে ।

অট্টালিকাটো নিৰ্মাণৰ বাবে পুনৰ দীৰ্ঘদিনৰ বাবে বন্ধ হৈ পৰিব ৰবীন্দ্ৰ ভৱন । যাৰ বাবে নাটক পৰিবেশনৰ ক্ষেত্ৰত সমস্যাত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত ক্ষুদ্ৰ নাট্যগোষ্ঠীসমূহ ৷ কাৰণ ৰবীন্দ্ৰ ভৱন অসম চৰকাৰৰ অধীনস্থ হোৱাৰ বাবে ইয়াৰ ভাড়া যথেষ্ট কম আছিল ৷ যাৰ বাবে অপেছাদাৰী নাট্যদল তথা সাংস্কৃতিক কৰ্মীসকলৰ বাবে ৰবীন্দ্ৰ ভৱনত নাট মঞ্চস্থ কৰাৰ ক্ষেত্ৰত সুবিধাদায়ক আছিল ৷ কিন্তু মহানগৰীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ তথা আন আন সাংস্কৃতিক কেন্দ্ৰসমূহ ভাড়া অত্যাধিক হোৱাৰ বাবে সকলোৰে বাবে ইয়াত নাট মঞ্চস্থ কৰাত সহজসাধ্য নহ’ব ৷

উল্লেখ্য যে লক্ষাধিক টকাৰে অত্যাধুনিকভাৱে তিনিবছৰৰ অন্তত বিগত বৰ্ষৰ ছেপ্টেম্বৰত ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল ৰবীন্দ্ৰ ভৱনটো । কিন্তু মুকলিৰ ৯ মাহৰ পিছত ৰবীন্দ্ৰ ভৱনটো ভিতৰচোৱা জলমগ্ন হৈ পৰাত মেৰামতিৰ বাবে পুনৰ বন্ধ কৰি দিয়া হয় ৷ দীঘলীপুখুৰীৰ লগত সংযোগ থকাৰ বাবে ৰবীন্দ্ৰ ভৱনৰ মঞ্চ, মজিয়া বাৰিষা জলমগ্ন হৈ পৰিছিল । ৰবীন্দ্ৰ ভৱনৰ ভিতৰত পানী সোমোৱা বাট চিনাক্তকৰণৰ কৰি মেৰামতি কৰাৰ বাবে ব্যয় কৰা হয় কেইবালাখ টকা ।

লগতে পঢ়ক:Manipur tragic Accident : শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ১৫ শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details