গুৱাহাটী,20 জুনঃসুন্দৰৰ সাধক,সংস্কৃতিৰ পূজাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সোঁৱৰণ কৰিছে ৰাজ্যবাসীয়ে । বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিক ৰাভা দিৱস হিচাপে পালন কৰি আহিছে ৰাজ্যবাসীয়ে । কৰ'ণা মহামাৰীৰ দুৰ্যোগৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে ৰাভা দিৱস ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে আমবাৰী স্থিত অগপ কাৰ্যালয়ত উদযাপন কৰা হয় ৰাভা দিৱস। শনিবাৰে ৰাভা সংগীতেৰে জীপাল হ'ল আমবাৰীস্থিত অগপ কাৰ্যালয় ৷ ৰাভা দিৱস উপলক্ষে সুন্দৰৰ পূজাৰী গৰাকীক সোঁৱৰি মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰে যুৱ পৰিষদে ।