গুৱাহাটী,30এপ্ৰিল: মঙলবাৰে ই ভি এম মেচিনৰ স্থানান্তৰ কৰণক লৈ আৰ পি শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ । সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত আৰ পি শৰ্মাই ই ভি এম মেচিন স্থানান্তৰণৰ গোটেই বিষয়টো তদন্তৰ প্ৰয়োজন বুলি দাবী উত্থাপন কৰে । লগতে তেজপুৰৰ পৰা ৰাতিয়েই স্থানান্তৰ হোৱা ই ভি এম মেচিন চৰকাৰী গুদামৰ বিপৰীতে ব্যক্তিগত গুদামত ৰখাৰ বিষয়টোত সন্দেহ প্ৰকাশ কৰি আৰ পি শৰ্মাই ইয়াৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে মুখ্য নিৰ্বাচনী বিষয়াকো এই ঘটনাৰ ক্ষেত্ৰত তদন্তৰ আওতালৈ অনাৰ দাবী জনায় ৷ ইপিনে তেজপুৰত তেওঁক টিকট নিদিয়াৰ বাবে তেজপুৰ সমষ্টিটো স্পৰ্শকাতৰ হৈছে বুলি মন্তব্য কৰি তেজপুৰ সমষ্টিটো অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মতানৈক্য হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শৰ্মাই সাংবাদিকৰ আগত কয় যে বিজেপি চৰকাৰ অথবা মোদীৰ সৈতে তেওঁৰ কোনো শত্ৰুতা নাই বৰঞ্চ হিমন্তই বি জে পিক পকেটত সোমাৱাই লোৱাৰ বাবেহে হিমন্তৰ সৈতে তেওঁৰ শত্ৰুতা বুলি মন্তব্য কৰে ৷
ই ভি এম মেচিনৰ স্থানান্তৰণক লৈ আৰ পি শৰ্মাৰ প্ৰতিক্ৰিয়া - ই ভি এম
ই ভি এম মেচিন চৰকাৰী গুদামৰ বিপৰীতে ব্যক্তিগত গুদামত ৰখাৰ বিষয়টোত সন্দেহ প্ৰকাশ কৰি আৰ পি শৰ্মাই তদন্তৰ দাবী জনায় ৷ লগতে মুখ্য নিৰ্বাচনী বিষয়াকো এই ঘটনাৰ ক্ষেত্ৰত তদন্তৰ আওতালৈ অনাৰ দাবী জনায় ৷ হিমন্তই বি জে পিক পকেটত সোমাই দিয়াৰ বাবে হিমন্তৰ সৈতে শত্ৰুতা বুলি মন্তব্য আৰ পি শৰ্মাৰ ।
ই ভি এম মেচিনৰ স্থানান্তৰণক লৈ আৰ পি শৰ্মাৰ প্ৰতিক্ৰিয়া