অসম

assam

ETV Bharat / state

মালিগাঁৱত নিৰ্মাণ হ'ব উৰণীয়া সেঁতু - ড০ হিমন্ত বিশ্ব শৰ্মা বাতৰি

অঞ্চলটো পৰিদৰ্শন কৰি মন্ত্ৰী শৰ্মাই কয়, যান-জঁট দূৰীকৰণৰ বাবে এখন উৰণীয়া সেঁতু নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে।

মালিগাঁৱত নিৰ্মাণ হ'ব উৰণীয়া সেঁতু

By

Published : Oct 28, 2019, 5:20 PM IST

গুৱাহাটী,28 অক্টোবৰঃ গুৱাহাটী মহানগৰীত যান-জঁটে জলা-কলা খুৱাইছে সাধাৰণ জনতাক। মহানগৰীৰ বিভিন্ন স্থানৰ লগতে মালিগাঁৱটো বৃদ্ধি পাইছে যান-জঁট। সোমবাৰে মালিগাঁও চাৰিআলিত উপস্থিত হয় বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অঞ্চলটো পৰিদৰ্শন কৰি মন্ত্ৰী শৰ্মাই কয়, যান-জঁট দূৰীকৰণৰ বাবে এখন উৰণীয়া সেঁতু নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে৷

মালিগাঁৱত নিৰ্মাণ হ'ব উৰণীয়া সেঁতু

এই পৰিকল্পনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে গড়কাপ্তানি বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাতো মিলিত হয়৷

মালিগাঁৱত নিৰ্মাণ হ'ব উৰণীয়া সেঁতু

এইক্ষেত্ৰত ক্ষেত্ৰ অধ্যয়ণ কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়ে গড়কাপ্তানি বিভাগক। এই প্ৰতিবেদন পিছতেই চূড়ান্ত হ'ব উৰণীয়া সেঁতু নিৰ্মাণৰ পৰিকল্পনা৷

মালিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details