অসম

assam

ETV Bharat / state

হাড়গিলা সংৰক্ষণৰে বিশ্বত জিলিকি উঠা অসমীয়া মহিলাগৰাকী - কামৰূপ জিলাৰ দদৰা

মূলত  চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত হাড়গিলা হৈছে বগলী জাতীয় এবিধ চৰাই ৷ পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও প্ৰাকৃতিক তথা বিভিন্ন কাৰণবশত ইয়াৰ জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস পায় মাত্ৰ দুটা প্ৰজনন কাৰী গোটহে বৰ্ত্তি আছে সমগ্ৰ পৃথিৱীত ৷ ইয়াৰে এটা অসমত আৰু আনটো কম্বোডিয়া (Cambodia)ত দেখিবলৈ পোৱা যায় ৷ দ্ৰুত গতিত হ্ৰাস পাই অহা জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বিলুপ্তপ্ৰায় প্ৰজাতি অৰ্থাৎ(Endangered) শাখাত অন্তৰ্ভুক্ত কৰা হৈছে৷ IUCNৰ পিয়ল অনুসৰি  সমগ্ৰ বিশ্বতে ইয়াৰ জনসংখ্যা 1200-1500 মান বুলি ঠাৱৰ কৰা হৈছে ৷ অসমত ইয়াৰ জনসংখ্যা 850 বুলি গম পোৱা গৈছে ৷

PURNIMA DEVI BARMAN THE UNSUNG HERO OF ASSAM ETV BHARAT SPECIAL REPORT
হাড়গিলা সংৰক্ষণৰে বিশ্বত জিলিকি উঠা অসমীয়া মহিলাগৰাকী

By

Published : Feb 7, 2020, 3:33 PM IST

Updated : Feb 7, 2020, 4:59 PM IST

গুৱাহাটী, 7 ফেব্ৰুৱাৰীঃ নামঘৰৰ পৰা ৰান্ধনীঘৰলৈকে,শিক্ষানুষ্ঠানৰ পৰা হাবিলৈকে,বিলুপ্তিৰ পথত থকা এবিধ বিশেষ পক্ষী সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিগ্ৰীণ অস্কাৰ বঁটাৰে সন্মানিত হোৱা অসমৰ এগৰাকী মহিলা ৷ একক প্ৰচেষ্টাৰে হাড়গিলা সংৰক্ষণৰ বাবে লাগি থকা মহিলাগৰাকী আজি সমগ্ৰ বিশ্বতে বন্দিত ৷ কিন্তু হাড়গিলা কি আৰু ইয়াৰ সংৰক্ষণৰ গুৰুত্ব কি ? প্ৰথমে আমি জানিব লাগিব হাড়গিলা কি ? ইয়াৰ ইংৰাজী নাম হৈছে -Greater Adjutant.বৈজ্ঞানিক নাম-Leptoptilos dubius.

দেশ বিদেশত সমাদৃত প্ৰকৃতিবিদ পূৰ্ণিমা দেৱী বৰ্মন

মূলত চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত হাড়গিলা হৈছে বগলী জাতীয় এবিধ চৰাই ৷ পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও প্ৰাকৃতিক তথা বিভিন্ন কাৰণবশত ইয়াৰ জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস পায় মাত্ৰ দুটা প্ৰজনন কাৰী গোটহে বৰ্ত্তি আছে সমগ্ৰ পৃথিৱীত ৷ ইয়াৰে এটা অসমত আৰু আনটো কম্বোডিয়া (Cambodia)ত দেখিবলৈ পোৱা যায় ৷ দ্ৰুত গতিত হ্ৰাস পাই অহা জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক সংকটাপন্ন প্ৰজাতি অৰ্থাৎ(Endangered) শাখাত অন্তৰ্ভুক্ত কৰা হৈছে৷ IUCNৰ পিয়ল অনুসৰি সমগ্ৰ বিশ্বতে ইয়াৰ জনসংখ্যা 1200-1500 মান বুলি ঠাৱৰ কৰা হৈছে ৷ অসমত ইয়াৰ জনসংখ্যা 850 বুলি গম পোৱা গৈছে ৷

হাড়গিলা সংৰক্ষণৰ বাবে লাগি থকা মহিলাগৰাকী আজি সমগ্ৰ বিশ্বতে বন্দিত

বিলুপ্তপ্ৰায় হাড়গিলাৰ বাবে বহু বছৰ ধৰি যুজি আহিছেপূৰ্ণিমা দেৱী বৰ্মন নামৰ এগৰাকী অসমীয়া মহিলাই ৷ বিশ্বৰ বুকুত ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা এই হাড়গিলা সংৰক্ষণৰ কামত ব্ৰতী থকা পূৰ্ণিমা দেৱী বৰ্মন আজি বিশ্বজুৰি এটা চিনাকী নাম ৷ প্ৰসিদ্ধ প্ৰকৃতিবিদ তথা হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে ২০১৭ চনত পূৰ্ণিমা দেৱী বর্মনক সন্মানিত কৰা হৈছিল গ্ৰীণ অস্কাৰ বঁটাৰে। উল্লেখ্য যে,গ্ৰীণ অস্কাৰ বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী প্ৰকৃতিবিদ পূৰ্ণিমা দেৱী বৰ্মন ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত হাড়গিলাকলৈ গৱেষণা কৰি থকাৰ সময়তে কামৰূপ জিলাৰ দদৰাত সংঘটিত এটা সৰু ঘটনাই সলনি কৰিছিল পূৰ্ণিমা দেৱী বৰ্মনৰ সিদ্ধান্তক ৷ ঠিৰাং কৰিছিল হাড়গিলা সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ।

বিলুপ্ত প্ৰায় প্ৰজাতিৰ এটা হাড়গিলা চৰাই
প্ৰথম অৱস্থাত ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নোহোৱা পূৰ্ণিমাই পিছলৈ ৰাইজক হাড়গিলা সংৰক্ষণৰ বাবে সজাগ কৰি তুলিবলৈ হাতত লৈছিল কিছুমান বিশেষ পন্থা। কেইগৰাকীমান মহিলাক লৈ পাকঘৰৰ পৰাই আৰম্ভ কৰিছিল হাড়গিলা সংৰক্ষণৰ কাম ৷ পাকঘৰৰ পৰা আৰম্ভ কৰা এই যাত্ৰা ক্ৰমাৎ আগুৱাই গৈছিল নামঘৰ,শিক্ষানুষ্ঠান,মানুহৰ বাসস্থান হৈ হাবিলৈকে । মহিলাসকলক লৈকামৰূপ জিলাৰ দদৰাত গঠন কৰিছে হাড়গিলা আৰ্মী। পূৰ্ণিমাৰ হাড়গিলা আৰ্মীয়ে বিভিন্ন প্ৰতিযোগিতা,নাম-কীৰ্তনৰ লগতে নাটকৰ মাধ্যমেৰে হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় সফলতাৰ বাবেই ২০১৭ চনত পূৰ্ণিমাই লাভ কৰিছিল গ্ৰীণ অস্কাৰ বঁটা।
পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত দদৰাৰ মহিলাসকলে গামোচাত বৈ উলিওৱা হাড়গিলাৰ ছবি
২০১৭ চনৰ গ্ৰীণ অস্কাৰ বঁটাৰ পিছত ২০১৮ চনত পূৰ্ণিমাই লাভ কৰিছিলনাৰী শক্তি পুৰষ্কাৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তত হাড়গিলা সংৰক্ষণৰ লগতে হাড়গিলাৰ বংশ বৃদ্ধিৰ বাবে কেইবাটিও পদক্ষেপ গ্ৰহণ কৰা পূৰ্ণিমা দেৱী বৰ্মনে মহানগৰীৰ গুৱাহাটীৰদ্বীপৰ বিলৰ লগতে মহানগৰীৰ বিভিন্ন অঞ্চলত হাড়গিলাই কণী পাৰি পোৱালি জগাব পৰাকৈ বাঁহেৰে নিৰ্মাণ কৰিছে ওখ ওখ টাৱাৰ। পূৰ্ণিমা দেৱী বৰ্মনে বাঁহেৰে সজা সুউচ্চ গম্বুজত উঠি নিজেই তদাৰক কৰে হাড়গিলাৰ গতিবিধি ৷

লগতে চাওকঃবিদেশলৈ ৰপ্তানিৰ বাবে সাজু ভাৰতৰ ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ: ডিআৰডিঅ' প্ৰধান

Last Updated : Feb 7, 2020, 4:59 PM IST

ABOUT THE AUTHOR

...view details