অসম

assam

ETV Bharat / state

কামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ 'পুণ্যধাম যাত্ৰা'

অসম চৰকাৰৰ 'পুণ্যধাম যাত্ৰা' আঁচনিৰ অধীনত আজি ৪৪ গৰাকী যাত্ৰীক পঠিওৱা হয় বৈষ্ণু দেৱী ধামলৈ ৷ এই ন দিনীয়া ভ্ৰমণসমূচীত যাত্ৰীৰ বাবে চৰকাৰীভাৱে উপলব্ধ থাকিব সকলো সা সুবিধা ৷

By

Published : Jan 19, 2020, 3:13 PM IST

বৈষ্ণু দেৱী মন্দিৰলৈ 'পূৰ্ণধাম যাত্ৰা'
বৈষ্ণু দেৱী মন্দিৰলৈ 'পূৰ্ণধাম যাত্ৰা'

গুৱাহাটী, 19 জানুৱাৰীঃ দেওবাৰে গুৱাহাটীৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ ৰাওনা হয় অসমৰ তীৰ্থযাত্ৰী ৷ অসম চৰকাৰৰ 'পুণ্যধাম যাত্ৰা যাত্ৰা' আঁচনিৰ অধীনত মুঠ ৪৪ গৰাকী যাত্ৰীক বৈষ্ণু দেৱী ধামলৈ পঠিওৱা হয় ৷ কামাখ্যা ৰে'লৱে ষ্টেচনত পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভণি কৰে, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷

কামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ 'পুণ্যধাম যাত্ৰা'

প্ৰাপ্ত তথ্য অনুসৰি সম্পূৰ্ণ বিনামূলীয়াকৈ অসমৰ এইসকল লোকক তীৰ্থ যাত্ৰাৰ সুযোগ প্ৰদান কৰা হৈছে ৷ এই যাত্ৰাৰ সময়ত অসমৰ লোকসকলৰ ডিঙিত গামোচা থাকিব, যাৰ জৰিয়তে অসমৰ যাত্ৰী সকলক সহজে চিনাক্ত কৰিব পাৰিব ৷ এই ন দিনীয়া ভ্ৰমণসমূচীত চৰকাৰীভাৱে সকলো সা-সুবিধা যোগান ধৰা হ'ব বুলিও জানিবলৈ দিয়ে অসম পৰ্যটনৰ অধ্যক্ষগৰাকীয়ে ৷ তদুপৰি অসমৰ মধুপুৰ সত্ৰতো তীৰ্থযাত্ৰাৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে অসম পৰ্যটন নিগমে ৷

লগতে পঢ়কঃবদৰপুৰৰ বিদ্যালয়ত পৰিৱেশন ম’ক ড্ৰীল কাৰ্যসূচী

ABOUT THE AUTHOR

...view details