নিউজ ডেস্ক,14 ফ্ৰেব্ৰুৱাৰীঃআজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ আক্ৰমণত পুলৱামাত শ্বহীদ হৈছিল 40 জন ভাৰতীয় জোৱান ৷ উল্লেখযোগ্য যে, জম্মু–শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফৰ কনভয়ৰ ওপৰত চলিছিল সেই ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ।
2019 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোত সংঘটিত হৈছিল এক আত্মঘাতী আক্ৰমণ ৷ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে ৷ সংগঠনটোৰ সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰে এখন বিস্ফোৰক ভৰ্তি বাহনেৰে চিআৰপিএফৰ কনভয়ৰ বাহনত খুন্দিওৱাৰ ফলত উক্ত বিস্ফোৰণটো সংঘটিত হৈছিল ।