গুৱাহাটী, ১৬ অক্টোবৰ : ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ ১৫ টা অকার্যক্ষমসহ ৪৪ টা নিগম-প্ৰতিষ্ঠানে ৩৭ বছৰ ধৰি বিত্তীয় খা-খৰচৰ হিচাপ দাখিল কৰা নাই । এই তথ্য পোহৰলৈ আহিছে ভাৰতীয় মহাগাণনিক আৰু হিচাপ পৰীক্ষকৰ (CAG) শেহতীয়া প্রতিবেদনত (Comptroller and Auditor General of India) ।
ব্যাপক লোকচানৰ বোজাত ৰাজ্যৰ বহু নিগম-প্ৰতিষ্ঠান উল্লেখ্য যে ৰাজ্যখনত থকা ৫১ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত ৩৫ টা কার্যক্ষম হৈ থকাৰ বিপৰীতে ১৬ টা অকার্যক্ষম হৈ আছে (CAG report on Assam govt corporations) । কার্যক্ষম হৈ থকা প্রতিষ্ঠানসমূহৰ মাজত বছৰি সৰ্বাধিক লোকচানৰ বোজা বহন কৰি থকা নিগম তিনিটা হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম (Assam State Transport Corporation), অসম চাহ নিগম (Assam Tea Board) আৰু অসম পেট্ৰ'কেমিকেলছ লিমিটেড (Assam Petro Chemicals Limited) ।
ব্যাপক লোকচানৰ বোজাত ৰাজ্যৰ বহু নিগম-প্ৰতিষ্ঠান ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ ওপৰত ক্রমবর্ধমান জটিল চাপ আৰু ঋণৰ বোজা বৃদ্ধি পোৱাৰ সময়ত 'কেগ'-এ তেওঁলোকৰ শেহতীয়া প্রতিবেদনত লোকচান ভৰি থকা অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ লাভৰ মুখ দেখাকৈ উন্নীতকৰণ কৰা নতুবা বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল’বলৈ পৰামৰ্শ আগবঢ়াইছে । ২০২০ বৰ্ষৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বিপৰীতে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ওপৰত দাখিল কৰা কেগৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে ।
প্ৰতিবেদনখনত কোৱা হৈছে যে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহৰ বৃহৎ অংকৰ লোকচানৰ বোজা ৰাজ্যৰ আৰ্থিক দিশটোৰ বাবে ক্ষতিকাৰক । তাৰবাবে ৰাজ্য চৰকাৰে অবিলম্বে তাৰ পৰ্যালোচনা কৰি সেইবোৰৰ উন্নতি সাধন কৰি লাভজনক কৰক নতুবা সেইবোৰ বন্ধ কৰি দিয়াৰ কথা কেগে উল্লেখ কৰিছে । কেগৰ তথ্য অনুসৰি, ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৯-২০ বর্ষলৈ একাদিক্রমে কার্যক্ষম হৈ থকা নিগম-প্রতিষ্ঠানবোৰে লোকচানৰ সন্মুখীন হৈ আহিছে ।
বিগত ২০১৫-১৬ বৰ্ষত ১০১.৯৮ কোটি, ২০১৬-১৭ বর্ষত ৪০.৯৭ কোটি, ২০১৭-১৮ বৰ্ষত ৯৮.৫৯ কোটি, ২০১৮-১৯ বৰ্ষত১২৬.৭৯ কোটি আৰু ২০১৯-২০ বৰ্ষত ১৩০.৫৬ কোটি টকাৰ লোকচানৰ বোজা বহন কৰিবলগীয়া হৈছে । কেগৰ তথ্যমতে, ১৩ টা কার্যক্ষম প্রতিষ্ঠানেই মুঠ ১৫০৯.৪৪ কোটি টকাৰ লোকচান ভৰি আছে । কিন্তু আচৰিত কথা যে ৰাজহুৱা নিগম-প্ৰতিষ্ঠানৰ ১৫ টা অকার্যক্ষম প্রতিষ্ঠানসহ ৪৪ টায়ে প্রায় ৩৭ বছৰ পৰ্যন্ত বিত্তীয় খা-খৰচৰ হিচাপ দাখিল কৰা নাই ।
ব্যাপক লোকচানৰ বোজাত ৰাজ্যৰ বহু নিগম-প্ৰতিষ্ঠান সেইফালৰ পৰা চৰকাৰী অনুমোদিত পুঁজি বা অন্যান্য আর্থিক সাহায্য সঠিক কামত ব্যৱহাৰ হৈছেনে নাই, তাক লৈ সন্দেহ প্ৰকাশ কৰিছে কেগে । প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০১৫-২০২০ বৰ্ষৰ ভিতৰত পাঁচোটা কার্যক্ষম নিগম-প্রতিষ্ঠানৰ বিপৰীতে ৩২৮.১১ কোটি টকাৰ চৰকাৰী অনুদান দিয়া হৈছিল । তাৰ হিচাপ দাখিল অবিহনে পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা বুলি ক'ব নোৱাৰি, বৰং ৰাজ্যিক বাজেটৰ এক বোজা হিচাপেহে গণ্য কৰা হয় । তাৰবাবে ৰাজহুৱা খণ্ডৰ নিগম-প্রতিষ্ঠানবোৰৰ খা-খৰচৰ দিশটো তদাৰক কৰাৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ অধীনত এটা বিশেষ কোষ গঠনৰ প্ৰস্তাৱ দিয়াৰ উপৰি বছৰ বছৰ ধৰি হিচাপ-পত্র দাখিল নকৰাকৈ থকা নিগম-প্রতিষ্ঠানবোৰক কোনোধৰণৰ আর্থিক সাহায্য প্রদান নকৰিবলৈ কেগে ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে ।
কেগৰ প্ৰতিবেদন অনুসৰি, নিগম-প্রতিষ্ঠানসমূহত যোৱা ২০২০ বৰ্ষৰ মাৰ্চ মাহ পর্যন্ত নিয়োজিত কৰ্মচাৰীৰ সংখ্যা ৩৫,৯৬৯ গৰাকী আৰু এইক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানসমূহ লাভৰ ঘৰলৈ অনাৰ পদক্ষেপ ন'লৈ কেগৰ পৰামৰ্শ অনুসৰি যদি বন্ধৰ সিদ্ধান্ত লয় বা কোনোধৰণৰ আর্থিক সাহায্য নিদিয়ে তেন্তে দেখদেখকৈ এই বৃহৎসংখ্যক কমৰ্চাৰীৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰাৰ আশংকা আছে । এনে এক পৰিস্থিতিত সমগ্ৰ বিষয়টোক লৈ জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছে । অৱশ্যে এইক্ষেত্রত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক :FM Nirmala Sitharaman : ভাৰতীয় টকাৰ মূল্য এতিয়াও স্থিৰ