নিউজ ডেস্ক, 1 জুলাই : কা' আন্দোলনৰ সময়তে গ্ৰেপ্তাৰ হোৱাৰ অখিল গগৈৰ বিৰুদ্ধে জাপি দিয়া হৈছিল এটাৰ পাচত আন এটা গোচৰ ৷ অখিল গগৈৰ বিৰুদ্ধে UAPA ৰ অধীনত গোচৰ ৰুজু কৰা লগতে মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছিল অখিল গগৈক ৷ এই সকলোবোৰ দোষৰ পৰা বৃহস্পতিবাৰে কাৰাৰুদ্ধ কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক দোষমুক্ত কৰে NIA আদালতে ৷
চাবুৱা থানাৰ গোচৰৰ পাচতে চানমাৰি থানাৰ গোচৰতো অখিল গগৈক দোষমুক্ত কৰে NIA আদালতে ৷ চাবুৱা থানাৰ গোচৰৰ পৰা মুক্ত হোৱাৰ পাচতে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় অখিল গগৈ ৷ উল্লেখ্য যে, মাত্ৰ এদিন পূৰ্বেও অখিল গগৈক গৰু ছিণ্ডিকেট, হানি ট্ৰেপিং, চুপাৰি ছিণ্ডিকেটকে ধৰি বহুকেইটা অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি NIA য়ে আদালতত দাখিল কৰিছিল অতিৰিক্ত অভিযোগনামা । ইয়াৰ পাচতো বৃহস্পতিবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈক দোষমুক্ত কৰাত উৎফুল্লিত হৈ পৰিছে অখিল গগৈৰ শুভাকাংক্ষীসকল ৷
নুমলীগড়ত অখিল গগৈৰ মুক্তিত আনন্দৰ বন্য :
অখিল গগৈয়ে NIA গোচৰৰ পৰা মুক্তি পোৱাৰ লগে লগে নুমলীগড়ত আৱতৰীয়া দেৱালী দেখিবলৈ পোৱা যায় ৷ নুমলীগড়ৰ দৈগ্ৰোঙৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ফটকা-আটচবাজী ফুটাই আনন্দৰ উৎসৱ পালন কৰে অখিল গগৈৰ অনুৰাগীয়ে ৷ ইয়াৰ সমান্তৰালভাৱে কাজিৰঙাতো সেই একেই উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে ৷
কাজিৰঙা জাতীয় অৰ্কিড পাৰ্কত নাচি-বাগি মতলীয়া হ'ল উদ্যানখনৰ কৰ্মীসকল । এক কথাত কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বন্দিত্বৰ পৰা মুক্তি পোৱাৰ পাচতে নুমলীগড় আৰু কাজিৰঙাত দেখিলৈ পোৱা গৈছে আনন্দৰ বন্যা ৷ অখিল গগৈৰ অনুৰাগীয়ে অসমত নতুন যুগৰ সূচনা হ'ব বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰে ভুৱা গোচৰত দুটা বছৰে অখিল গগৈক বন্দী কৰি ৰখাৰ প্ৰত্যুত্তৰ গ্ৰহণ কৰিবলৈ সাজু থাকক বুলি শাসক পক্ষক সকিয়াই দিয়ে ৷
জনীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি উল্লাস :
অখিল গগৈ মুক্তি লাভ কৰাত কলগাছিয়া ৰাজপথত মিঠাই বিতৰণ কৰে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । বিগত ডেৰ বছৰৰ অধিক কাল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক বিজেপি চৰকাৰে কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছিল । NIA আদালতে অখিল গগৈ সহ তিনি সতীৰ্থক দোষমুক্ত বুলি ৰায় দান কৰাৰ পিছতেই মুকলি আকাশৰ তললৈ আহে অখিল গগৈ আৰু তেওঁৰ তিনি সতীৰ্থ । তাৰ পিছতেই সমগ্ৰ ৰাজ্যৰ লগতে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে তেওঁৰ সমৰ্থক সকলে আনন্দত কলগাছিয়াৰ ৰাজপথত মিঠাই বিতৰণ কৰে ৷
লগতে পঢ়ক: অখিল গগৈ(Akhil Gogoi)ৰ মুক্তিৰ সন্দৰ্ভত ভিন্নজনৰ প্ৰতিক্ৰিয়া