গুৱাহাটী, 19 অক্টোবৰ :গুৱাহাটীক বানমুক্ত কৰাৰ স্বাৰ্থতে শিলসাঁকোত উচ্ছেদ কৰিছিল প্ৰশাসনে ৷ উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদানৰ কথাও ঘোষণা কৰিছিল চৰকাৰে ৷ কিন্তু উচ্ছেদিত লোকক ক্ষতিপূৰণ প্ৰদানতো অনিয়মৰ অভিযোগ তুলি বৃহস্পতিবাৰে শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজ আৰু উচ্ছেদিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷
শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক পুনৰসংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উচ্ছেদিত ৰাইজে । আজি পর্যন্ত চৰকাৰৰ ফালৰ পৰা উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা প্ৰদান নকৰাৰ অভিযোগ তুলিলে প্ৰতিবাদকাৰীসকলে ৷
শিলসাঁকোৰ পাৰত উচ্ছেদ কৰা প্ৰতিটো থলুৱা পৰিয়ালক অতি শীঘ্ৰে পুনৰসংস্থাপনৰ ব্যৱস্থা কৰা আৰু যথোপযুক্ত ক্ষতিপূৰ্ণ প্ৰদান কৰা, শিলসাঁকোৰ উচ্ছেদিত লোকৰ বাবে চৰকাৰে ধাৰ্য কৰা ক্ষতিপূৰণ বৃদ্ধি কৰা, উচ্ছেদ কৰা কিমান পৰিয়ালক বৰ্তমান সময়লৈকে বিভাগীয় কর্তৃপক্ষৰ জৰিয়তে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়া হ'ল সেই তথ্য ৰাজহুৱা কৰা আদিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷