অসম

assam

ETV Bharat / state

Manipur:মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ মহানগৰীত ৰাজহুৱা সভা - peace in Manipur

মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ মহানগৰীত ৰাজহুৱা সভা ৷ চৰকাৰে মণিপুৰৰ ঘটনাত তিনিমাহে যি নিস্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে তাত সন্দেহ হয় চৰকাৰৰ নিশ্চয়কৈ কিবা স্বাৰ্থ আছে ৷

Manipur
মহানগৰীত ৰাজহুৱা সভা

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:45 PM IST

মহানগৰীত ৰাজহুৱা সভা

গুৱাহাটী, ২২ আগষ্ট :বিগত তিনিমাহ ধৰি চুবুৰীয়া ৰাজ্য মণিপুৰ অশান্ত হৈ আছে । বৰ্তমানো ৰাজ্যখনত এক আতংকময় পৰিস্থিতিয়ে বিৰাজমান কৰি আছে । এই সময়তে মহানগৰীত ‘মণিপুৰলৈ শান্তি ঘূৰাই আনো আহক’ শীৰ্ষক ৰাজহুৱা সভা অনুষ্ঠিত হয় ।

মহানগৰীৰ উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অসম নাগৰিক সমাজৰ উদ্যোগত আয়োজিত সভাত বিশিষ্ট বুদ্ধিজীবী ড° হীৰেন গোঁহাইয়ে উপস্থিত থাকি কয় মণিপুৰত প্ৰথমে স্বাভাৱিক পৰিৱেশ ঘূৰাই আনি সমস্যাৰ সমাধান লাহে ধীৰে আলাপ আলোচনাৰ মাজেৰে কৰিব লাগে । চৰকাৰ মণিপুৰৰ ঘটনা সন্দৰ্ভত তিনিমাহে যি নিষ্কৃয় হৈ আছে তাত সন্দেহ হয় চৰকাৰৰ কিবা স্বাৰ্থ আছে ।

শান্তি সুস্থিৰতা ঘূৰাই আনিব লাগে আৰু পৰস্পৰে পৰস্পৰৰ মাজত যি সন্দেহ অবিশ্বাস আছে সেয়া একাষৰীয়া কৰি থব লাগে বুলি মন্তব্য কৰি ড° হীৰেন গোঁহাইয়ে কয় সমস্যাবোৰ দীঘলীয়া হৈ থাকিলে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয় । সভাত সভাপতিত্ব কৰি অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় মণিপুৰত দুয়োটা সম্প্ৰদায়ে হিংসা পৰিহাৰ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰক । তেওঁ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কয় মণিপুৰৰ ঘটনাৰ ৭৭ দিন তেওঁ মৌনতা অৱলম্বন কৰিলে । উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশৰ পিচতহে ২ মিনিট কিবা এটা ক’লে । তেওঁলোকে কেৱল ৰাইজৰ মাজলৈ ভোট বিচাৰিহে আহে । মণিপুৰৰ বিপদৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মৌনতা অৱলম্বন কৰাটো দুৰ্ভাগ্যজনক ।

অসম নাগাৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট লেখক কুলদা কুমাৰ ভট্টাচাৰ্য্য, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, মণিপুৰৰ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ নেতাৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে ।

লগতে পঢ়ক :Bishnu Prasad Rabha putola nach:শংকৰদেৱ কলাক্ষেত্ৰত পুতলা নাচ "বিষ্ণু প্ৰসাদ ৰাভা"ৰ সফল মঞ্চায়ন

ABOUT THE AUTHOR

...view details