গুৱাহাটী, ১০ ডিচেম্বৰ:যানজঁট ৰোধৰ নামত গুৱাহাটী মহানগৰীত চৰকাৰে উৰণ সেতু নিৰ্মাণৰ ধুম উঠাৰ সময়তে শেহতীয়াকৈ উৰণ সেতু নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে মহানাগৰিক ৷ কিছুদিন পূৰ্বে শিক্ষাৰ্থীকে আদি কৰি গুৱাহাটীবাসীয়ে উৰণ সেতুৰ বিৰোধিতা কৰিছিল প্ৰকৃতি ৰক্ষাৰ বাবে ৷ উৰণ সেতু নিৰ্মাণৰ বাবে গুৱাহাটীত হাজাৰ-হাজাৰ গছ কাটি পেলোৱা কাৰ্যত দুখ প্ৰকাশ কৰি উৰণ সেতু নিৰ্মাণৰ বিৰুদ্ধে মাত মাতিছিল একাংশ লোকে ৷
তাৰ পাচতো সিদ্ধান্তত অটল চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে সভা অনুষ্ঠিত কৰে মহানাগৰিকে ৷ প্ৰস্তাৱিত দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় সভাত উপস্থিত ৰাইজে ৷ উৰণ সেতুখনৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱাৰ লগে লগে ৰাইজৰ মাজত সৃষ্টি হৈছে নানা আশংকাৰ । ফলত উৰণ সেতুখন নালাগে বুলি সেতুখন নিৰ্মাণ হ’বলগীয়া অঞ্চলৰ ৰাইজ ওলাই আহিছে ।
উল্লেখ্য যে, বিশেষকৈ উৰণ সেতুখন নিৰ্মাণৰ কাম হাতত লোৱাৰ লগলগে সেই অঞ্চলৰ ব্যৱসায়ীসকল শংকিত হৈ পৰিছে । কিয়নো গুৱাহাটী ক্লাবৰ পৰা চান্দমাৰীলৈকে থকা প্ৰায় ৬০০ ব্যৱসায়ী প্ৰতিষ্ঠান স্তব্ধ হৈ পৰিব বুলি সচেতন ৰাইজে দেওবাৰে শিলপুখুৰী ৰাজহুৱা নামঘৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মন্তব্য কৰিছে ।