অসম

assam

ETV Bharat / state

Azadi ka Amrit Mohotsab: স্বদেশপ্ৰেমৰ বাৰ্তা লৈ গুৱাহাটীত বিজেপিৰ প্ৰভাত ফেৰী - BJP state president Bhavesh Kalita

আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে "হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা" অভিযান কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকক নিজৰ ঘৰত দেশৰ স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন উৰুৱাবলৈ আহ্বান ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । ৰাজপথত ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদসকলৰ স্বদেশপ্ৰম, ত্যাগ আৰু আত্ম বলিদানৰ কথা স্মৰণ কৰি ৰঘুপতি ৰাঘব ৰাজাৰাম ভজন আৰু বন্দে মাতৰম গীত গাই ত্ৰিৰংগা যাত্ৰা(Pravat ferry of bjp)।

Azadi ka Amrit Mohotsab
স্বদেশপ্ৰেমৰ বাৰ্তা লৈ গুৱাহাটীত বিজেপিৰ প্ৰভাত ফেৰী

By

Published : Aug 9, 2022, 9:33 PM IST

গুৱাহাটী,৯ আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত 'আজাদী কা অমৃত মহোৎসৱ'ৰ(Azadi ka Amrit Mohotsab)সৈতে সংগতি ৰাখি আজি বিজেপিয়ে গুৱাহাটীত প্ৰভাত ফেৰী কৰে । দলৰ অনুসূচীত জনজাতি মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলাৰ সহযোগত আয়োজিত কৰা বিশাল প্ৰভাত ফেৰী কার্যসূচী অসম প্ৰদেশ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা শুভৰাম্ভ কৰা হয় ।

স্বদেশপ্ৰেমৰ বাৰ্তা লৈ গুৱাহাটীত বিজেপিৰ প্ৰভাত ফেৰী

এই কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJP state president Bhavesh Kalita)অংশ গ্ৰহণ কৰি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ সকলৰ স্বদেশপ্ৰম, ত্যাগ আৰু আত্ম বলিদানৰ কথা স্মৰণ কৰি ৰঘুপতি ৰাঘব ৰাজাৰাম ভজন আৰু বন্দে মাতৰম গীত গাই ত্ৰিৰংগা যাত্ৰা কৰে । লগতে তেওঁ আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে 'হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা'(Har Ghar Triranga Yatra) অভিযান কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকক নিজৰ ঘৰত দেশৰ স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন উৰুৱাবলৈ আহ্বান জনায় ।

স্বদেশপ্ৰেমৰ বাৰ্তা লৈ গুৱাহাটীত বিজেপিৰ প্ৰভাত ফেৰী

তেওঁ কয় যে ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে এই প্ৰভাত ফেৰী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ইয়াত কোনো দল-সংগঠনৰ কথা নাই । উক্ত কার্যসূচীত অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰ, দলৰ ৰাজ্যিক উপ সভাপতি অশোক ভট্ৰৰায়, ৰাজ্যিক বিষয়ববীয়া আৰু জিলাৰ বিষয়ববীয়াসকলৰ লগতে দলীয় কাৰ্যকর্তাসকলে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক:Quit India movement: অজাপৰ উদ্যোগত উদযাপন ভাৰত ত্যাগ আন্দোলনৰ ৮০ বছৰীয়া জয়ন্তী

ABOUT THE AUTHOR

...view details