অসম

assam

ETV Bharat / state

ঘৰতে বহি সুস্বাদু খাদ্যৰ জুতি ল’ব নোৱাৰিব আপুনি ! - etv assam

ছুইগী সেৱাৰ পৰা বঞ্চিত হ'ব মহানগৰীৰ

এতিয়াৰে পৰা সুস্বাদু খাদ্যৰ যুটি ল'ব নোৱাৰিব গ্ৰাহকে

By

Published : Mar 17, 2019, 9:31 PM IST

গুৱাহাটী,17 মাৰ্চ: আপুনি বাৰু ৰেষ্টোৰেণ্টৰ খাদ্য ঘৰতে অৰ্ডাৰ কৰি খাই ভাল পাই নেকি? পাচে, ৰ'ব ৷ কেইদিনমানলৈ ঘৰতে বহি ৰেষ্টোৰেণ্টৰ খাদ্যৰ আমেজ লোৱাৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি৷ কিয়নো প্ৰাপ্যৰ বাবে প্ৰতিবাদত নামিল ছুইগী সেৱাৰ ডেলিভাৰী বয় ৷ অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ছুইগীৰ কৰ্মচাৰীৰ ।

এতিয়াৰে পৰা সুস্বাদু খাদ্যৰ যুটি ল'ব নোৱাৰিব গ্ৰাহকে

হয়, অনিৰ্দিষ্টকাললৈ বন্ধ হ'ব পাৰে ছুগিমী সেৱা । মহানগৰীৰ গোটানগৰস্থিত ছুইগী কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদত বহিল ডেলিভাৰী বয় । মালিগাঁও, জালুকবাৰী, লখৰাৰ গ্ৰাহকে আজিৰে পৰা লাভ নকৰিব বুকিং কৰা খাদ্য-সামগ্ৰী ।

ছুইগী কোম্পানীটোৰ মেনেজাৰৰ বিৰুদ্ধে নিজৰ মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰীসকলে । সেয়েহে উপায়হীন হৈ নিজৰ প্ৰাপ্যৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছুইগীৰ কৰ্মচাৰীসকলে । আনহাতে,নিৰ্ধাৰিত স্থানতকৈও অধিক দুৰত্বত খাদ্য সামগ্ৰী যোগান ধৰি তাৰ বিনিময়ত উপযুক্ত মাননি লাভ নকৰে বুলিও অভিযোগ উত্থাপন কৰে কৰ্মচাৰীসকলে ৷

তাৰোপৰি ডেলিভাৰী বয়ৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে খুব কম অৰ্ডাৰহে লাভ কৰে এজনকৈ ডেলিভাৰী বয়ে ৷ সেয়েহে এনে কেতবোৰ দাবী মানি নোলোৱা পৰ্যন্ত অৰ্ডাৰ গ্ৰহণ নকৰে বুলি সিদ্ধান্ত লয় কাৰ্যালয়টোৰ অধীনস্থ প্ৰায় 200 কৰ্মচাৰীয়ে ৷

ABOUT THE AUTHOR

...view details