গুৱাহাটী, ১৮ অক্টোবৰ : গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ । বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন নচলিব, হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, বাংলাদেশ মূৰ্দাবাদ , জয় শ্ৰী ৰাম শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে শিলাদিত্য দেৱ সহ সতীৰ্থ সকলে ।
এই প্ৰতিবাদত তেওঁক সহযোগ কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ।