অসম

assam

ETV Bharat / state

Protest in silsako beel:বুলড'জাৰৰ সন্মুখত পৰি জীৱন ত্যাগৰ হুংকাৰ উচ্ছেদিতৰ - Protest in silsako beel

শিলসাঁকোত মাটি এৰি নিদিয়াৰ হুংকাৰ উচ্ছেদিত ৰাইজৰ । উচ্ছেদিত ৰাইজে উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু প্ৰতিটো থলুৱা পৰিয়ালক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ দাবীত পুনৰ ৰূপায়ন কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

Protest in silsako beel
শিলসাঁকোত মাটি এৰি নিদিয়াৰ হুংকাৰ

By

Published : Jul 24, 2023, 4:29 PM IST

শিলসাঁকোত মাটি এৰি নিদিয়াৰ হুংকাৰ

গুৱাহাটী,২৪ জুলাই: শিলসাঁকোত উচ্ছেদ কৰা প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন আৰু উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । সোমবাৰেও উচ্ছেদ প্ৰতিৰোধী ৰাইজে শিলসাঁকোত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰচণ্ড গৰমকো নেওচি শিলসাঁকোৰ উচ্ছেদিত প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ তেজ দিম মাটি নিদিওঁ, আমাক পুনৰ সংস্থাপন লাগিবই, থলুৱা লোকক উচ্ছেদ কৰা বন্ধ কৰক, বহিৰা পুঁজিপতিক মাটি এৰি দিয়া দিয়া নহ’ব, আদি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ৰাইজে ৷

প্ৰশাসনে শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান চলালে শিলসাঁকোৰ ৰাইজে উচ্ছেদ বন্ধ কৰাৰো হুংকাৰ দিয়ে । লগতে প্ৰতিবাদকাৰী সকলে মাটিৰ অধিকাৰৰ বাবে প্ৰয়োজন হ'লে বুলড'জাৰৰ সন্মুখত পৰি জীৱন ত্যাগ কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে ।

আজিৰ এই প্ৰতিবাদী কার্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সগ্রাম সমিতিয়ে। উক্ত কার্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেই শিলসাঁকোৰ পাৰত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা সকলো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ লগতে উচ্ছেদ সম্পূৰ্ণ ৰূপে বন্ধ ৰাখিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক:Protest in silsako beel: "তেজ দিম মাটি নিদিওঁ"- শিলসাঁকোত উত্তাল প্ৰতিবাদ

ইপিনে, শিলসাঁকোত দেওবাৰে সন্ধিয়া উচ্ছেদিত লোকৰ পুনৰ সংস্থাপনৰ লগতে উচ্ছেদ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ আহ্বানত এই প্ৰতিবাদী শিখা সমদল কার্যসূচীত প্ৰায় ২ শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য় যে শেহতীয়াকৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক বৈঠকত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু জিলা উপায়ুক্তক যুটীয়াভাৱে পৰ্যালোচনা কৰি পুনৰ উচ্ছেদ চলাবলৈ পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ প্রদান কৰাৰ পিচতেই শিলসাঁকোৰ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহে ।

লগতে পঢ়ক:Assam employment: নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অপ্ৰয়োজনীয় চৰকাৰী পদ কৰ্তনৰ জাননী ৰাজ্য চৰকাৰৰ

ABOUT THE AUTHOR

...view details