অসম

assam

ETV Bharat / state

Protest in Guwahati:সীমা নিৰ্ধাৰণ কৰিবলৈ নিদিয়াৰ হুংকাৰ শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ - Eviction in Silsako Beel in Guwahati

ৰাইজৰ প্ৰতিবাদত পুনৰ উত্তপ্ত হৈ পৰে শিলসাঁকো । সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্ৰতিবাদ ।

Eviction in Silsako Beel in Guwahati
গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:19 PM IST

গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজ

গুৱাহাটী, ৩০ আগষ্ট:গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপন কৰা, উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু সীমা নির্ধাৰণ বন্ধ ৰখাৰ দাবী জনাই শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্ৰতিবাদত পুনৰ উত্তপ্ত হয় শিলসাঁকো । শিলসাঁকোৰ উচ্ছেদিত লোকসকলৰ প্রতিবাদ চলি থকাৰ সময়তে সীমা নিৰ্ধাৰণক লৈ চৰকাৰ আৰু GMDAয়ে গ্ৰহণ কৰা ভুমিকাক লৈ ক্ষুব্ধ হৈ পৰে উচ্ছেদিত লোকসকল । আজি দিনৰ ১১ বজাত শিলসাঁকোৰ চাৰি শতাধিক উচ্ছেদিত লোকে হাতে হাতে বেনাৰ-প্লেকার্ড লৈ শিলসাঁকোৰ প্রকল্পস্থলীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে ।

“আমাক মাটি লাগিবই", "পুনৰ সংস্থাপনৰ অবিহনে সীমা নির্ধাৰণ কৰিবলৈ নিয়া নহ'ব", "দালালৰ লগত আলোচনা কৰা বন্ধ কৰক, “আমাৰ মাটি বণিয়াক দিয়া নহ'ব” “থলুৱা বিৰোধী হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ", "মাটিৰ দালাল নাৰায়ণ ডেকা হায় হায়", "অশোক সিংহল হায় হায় " আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে শিলসাঁকোৰ আকাশ বতাহ কপাই তোলে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্রাম সমিতিয়ে সহযোগিতা আগবঢ়ায় ।

প্রতিবাদী কাৰ্যসূচীত অংশ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেই কয় যে গুৱাহাটীৰ শিলসাঁকোৰ পাৰৰ উচ্ছেদিত লোকসকলে পুনৰ সংস্থাপন আৰু উচ্ছেদ সম্পূর্ণৰুপে বন্ধ কৰাৰ দাবীত প্রতিবাদ অব্যাহত ৰখাৰ সময়ত চৰকাৰ আৰু GMDAৰ ফালৰ পৰা শিলসাঁকোৰ একাংশ দালালৰ লগত আলোচনা কৰি সীমা নির্ধাৰণ কৰিবলৈ লোৱা সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ । দীর্ঘদিন ধৰি শিলসাঁকোৰ উচ্ছেদিত আৰু উচ্ছেদ প্রতিবোধী ৰাইজে শিলসাঁকো বিলপাৰ সুৰক্ষা আৰু উন্নয়ন সমিতি নামৰ কেন্দ্ৰীয় সমিতিখনে শিলসাঁকোৰ উচ্ছেদিত লোকক প্ৰতিনিধিত্ব নকৰে বুলি ২০ খনতকৈ অধিক স্মাৰকপত্ৰ দিয়াৰ পাছতো উক্ত সমিতি খনক লগত আলোচনা কৰি চৰকাৰখনে প্ৰকৃততে উচ্ছেদিত থলুৱা লোকসকলক উপহাসহে কৰিছে । তেওঁ উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপন অবিহনে শিলসাকোঁৰ সীমা নির্ধাৰণ কেতিয়াও মানি লোৱা নহ'ব বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:Price of cooking gas: চাৰিশৰ পৰা বাৰশলৈ বৃদ্ধি পোৱা ৰন্ধন গেছৰ দাম দুশ টকা কমিল; সন্তুষ্ট নহয় ৰাইজ

ABOUT THE AUTHOR

...view details