অসম

assam

ETV Bharat / state

ঋতুপৰ্ণ পেগু হত্যাকাণ্ডৰ ন্যায় বিচাৰি উত্তাল নুনমাটি থানা চৌহদ - ঋতুপৰ্ণ পেগু হত্যাকাণ্ড

শুকুৰবাৰে সামান্য কোনো কথাত তৰ্ক-বিতৰ্ক হোৱাৰ বাবেই দিনৰ পোহৰতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগু নামৰ লোকজনক ৷ ঋতুপৰ্ণ পেগুৰ মৃত্যুৰ ন্যায় বিচাৰি শনিবাৰে নুনমাটি আৰক্ষী চকীৰ সন্মুখত শতাধিক ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷

protest in noonmati seeking justice for rituparna pegu murder
protest in noonmati seeking justice for rituparna pegu murder

By

Published : Jun 13, 2020, 2:19 PM IST

Updated : Jun 13, 2020, 4:40 PM IST

গুৱাহাটী, 13 জুনঃ শনিবাৰে নুনমাটি আৰক্ষী চকীৰ সন্মুখত দেখিবলৈ পোৱা গ'ল শতাধিক লোকৰ তীব্ৰ প্ৰতিবাদ ৷ শুকুৰবাৰে সামান্য কোনো কথাত তৰ্ক-বিতৰ্ক হোৱাৰ বাবেই দিনৰ পোহৰতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগু নামৰ লোকজনক ৷ গাড়ীচালকৰ কাম কৰিছিল ছিলাপথাৰৰ চান্দমাৰীৰ নিবাসী ঋতুপৰ্ণ পেগুৱে ৷ তেওঁ পৰিয়ালসহ থাকিছিল গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপৰ এটা ভাড়াঘৰত ।

ঋতুপৰ্ণ পেগু হত্যাকাণ্ডৰ ন্যায় বিচাৰি উত্তাল নুনমাটি থানা চৌহদ

অভিযোগ অনুসৰি হুছেইন আলী নামৰ লোক এজনৰ লগতে তেওঁৰ পৰিয়ালৰ অস্ত্ৰাঘাতত ঘটনাস্থীতে মৃত্যুক সাৱটি লৈছিল ঋতুপৰ্ণ পেগুই ৷ শনিবাৰে ঋতুপৰ্ণ পেগুৰ মৃত্যুৰ ন্যায় বিচাৰি, অভিযুক্ত অপৰাধীৰ উপযুক্ত শাস্তি দিয়াৰ দাবীৰে শতাধিক লোকে উত্তল কৰি তুলিলে নুনমাটি আৰক্ষী চকী ৷ ৰাইজৰ দাবী ফাষ্টট্ৰেক আদালতত গোচৰ চলাই শীঘ্ৰেই দোষীক উচিত শাস্তি প্ৰদান কৰা ৷ ৰাইজৰ উত্তাল প্ৰতিবাদৰ বাবে নুনমাটি আৰক্ষী চকীত উপস্থিত হয় আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ৷ প্ৰতিবাদী জনতাক দোষীয়ে উচিত শাস্তি পাব বুলি তেওঁ আশ্বাস প্ৰদন কৰিছে ৷

নুনমাটি আৰক্ষী চকীত উপস্থিত আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা

লগতে পঢ়কঃদিনৰ পোহৰতে নুনমাটিত নৃংশস হত্যাকাণ্ড

Last Updated : Jun 13, 2020, 4:40 PM IST

ABOUT THE AUTHOR

...view details