গুৱাহাটী,3 জানুৱাৰী :নতুন বছৰৰ দ্বিতীয়টো দিনত দিছপুৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম হস্পিটেলিটি কৰ্মচাৰী সন্থাই ৷ বিগত ৩০ ডিচেম্বৰত সংঘটিত হোৱা এটা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হস্পিটেলেটি ৱৰ্কাৰ সন্থাই ৷
অভিযোগ অনুসৰি ৩০ ডিচেম্বৰৰ নিশা মহানগৰীৰ ছয়মাইলস্থিত হোটেল পেলেচিঅ'ত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল কৃষাণু শৰ্মা নামৰ যুৱকজনৰ লগতে কেইজনমান সতীৰ্থ ৷ যুৱককেইজনে হোটেলখনৰ বাৰত সুৰাপান কৰি প্ৰায় ১১ বজাত খাদ্যৰ অৰ্ডাৰ দিছিল ৷ হোটেলৰ কৰ্মচাৰীয়ে খাদ্য যোগান ধৰাত কিছু পলম হোৱাৰ বাবে যুৱকৰ দলটোৱে হোটেলৰ পাকঘৰত প্ৰৱেশ কৰি ৰান্ধনীগৰাকীৰ ওপৰত আক্ৰমণ চলায় ৷ কৃষাণু বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় শ্ৰীমন্ত হাজৰিকা আৰু কুলদ্বীপ ডেকা নামৰ দুগৰাকী কৰ্মচাৰী ৷ কেৱল সিমানেই নহয় অভিযোগ উত্থাপন হোৱা অনুসৰি কৃষাণু শৰ্মাৰ গুণ্ডা বাহিনীয়ে হোটেলখন আৰডিএক্সৰে উৰাই দিয়াৰো ভাবুকি প্ৰদান কৰে ৷