অসম

assam

By

Published : Dec 15, 2020, 10:33 PM IST

ETV Bharat / state

খিলঞ্জীয়াৰ ভূমি উচ্ছেদৰ বিৰুদ্ধে চন্দ্ৰপুৰত প্ৰতিবাদ

গৃহ-ভূমি হেৰুৱাৰ শংকাত চন্দ্ৰপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ খিলঞ্জীয়াৰ ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰদান কৰা এই নিৰ্দেশৰ পাচতে গৰজি উঠিছে সাধৰণ ৰাইজ ৷

protest-in-chandrapur-against-eviction-of-khilangiya
খিলঞ্জীয়াৰ ভূমি উচ্ছেদৰ বিৰুদ্ধে চন্দ্ৰপুৰত প্ৰতিবাদ

কামৰূপ মেট্ট,15ডিচেম্বৰ: গৃহ-ভূমি হেৰুৱাৰ শংকাত ভুগিছে এতিয়া চন্দ্ৰপুৰৰ খিলঞ্জীয়া ৰাইজ ৷ মংগলবাৰে খিলঞ্জীয়াৰ ভূমি উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল চন্দ্ৰপুৰৰ ৰাইজ ৷ ভূমি উচ্ছেদ বন্ধৰ বাবে চন্দ্ৰপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷

খিলঞ্জীয়াৰ ভূমি উচ্ছেদৰ বিৰুদ্ধে চন্দ্ৰপুৰত প্ৰতিবাদ

উল্লেখ্য যে চলিত বৰ্ষৰ যোৱা ২১ নৱেম্বৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই স্বাক্ষৰ কৰা এক পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৰাজহুৱা স্বাৰ্থজনিত এক আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল ৷ এই শুনানীত গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰী কাৰ্যালয়, অনুষ্ঠান, প্ৰতিষ্ঠানক অনুমোদন দিয়া আৰু সংৰক্ষিত কৰি ৰখা চৰকাৰী ভূমিত থকা বেদখল উচ্ছেদ কৰিবলৈ কঠোৰ ভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছিল । এই নিৰ্দেশ জাৰী কৰা ৩০ দিন অতিক্ৰম কৰাৰ পিছতেই উচ্ছেদ কৰা হ'ব আৰু ব্যক্তিগত ভাবে কোনো লোকক জাননী প্ৰেৰণ কৰা নহয় বুলি উল্লেখ কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । যাৰ বাবে এতিয়া চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজ শংকিত হৈ পৰে আৰু আজি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদত অঞ্চলটোৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে ৷

অন্য এক খবৰৰ বাবে: তেজপুৰত যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হ'ল এখন ৰে'ল

ABOUT THE AUTHOR

...view details