অসম

assam

ETV Bharat / state

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ উচিত শাস্তিৰ দাবীত উপায়ুক্ত কার্যলায় ঘেৰাও - কামৰূপ মহানগৰ জিলা উপযুক্ত

গুৱাহাটীৰ নুনমাটিত হত্যাকৰা ঋতুপৰ্ণ পেগু নামৰ যুৱকজনৰ হত্যাকাৰীৰ উচিত শাস্তিৰ দাবীত কামৰূপ মহানগৰ জিলা উপযুক্ত কার্যালয় ঘেৰাও কাৰ্যসূচী। হত্যাকাৰীৰ উচিত শাস্তিৰ লগতে ঋতুপৰ্ণৰ পৰিয়ালক ৫০ লাখ টকা ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি প্ৰদানৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান।

Rituparna pegu murder
গুৱাহাটী

By

Published : Jun 15, 2020, 6:36 PM IST

গুৱাহাটী, 15 জুন:ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পোৱা গণ আক্ৰমণৰ ঘটনাই সচেতন সমাজক উদ্বিগ্ন কৰি তুলিছে। এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি এতিয়া এই গণ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে ৰাইজ। সোমাবাৰে গণ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজপথ কঁপালে মহানগৰবাসী ৰাইজে।

গুৱাহাটী

১২ জুনত ঋতুপৰ্ণ পেগু নামৰ এজন যুৱকক কেইজনমান লোকে আক্ৰমণ কৰি ডিঙি ৰেপি হত্যা কৰাৰ ঘটনাৰ উচিত তদন্তৰ লগতে হত্যাকাৰী সকলৰ কঠোৰ শাস্তিৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই শতাধিক যুৱকে। প্ৰতিবাদী যুৱকসকলে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যলয় ঘেৰাও কৰি ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ উচিত শাস্তিৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে দোষীৰ শাস্তিৰ লগতে ঋতুপৰ্ণৰ পৰিয়ালক চৰকাৰে ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰি ঋতুপৰ্ণৰ পত্নীক চৰকাৰী চাকৰি প্ৰদানৰো দাবী জনায়।

লগতে পঢ়কঃআমগুৰিত মিটং মথাউৰিক লৈ শংকিত নৈ পৰীয়া ৰাইজ
উল্লেখ্য যে, ঋতুপৰ্ণৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ অহা যুৱক সকলে জিলা উপায়ুক্ত কার্যলয়ৰ সন্মুখৰ ৰাজপথত বহি পৰাত ৰাজপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী সমূহ সন্নিবিষ্ট কৰি জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

ABOUT THE AUTHOR

...view details