গুৱাহাটী, চাবুৱা, মৰাণ 23 ডিচেম্বৰঃCAAৰ বিৰুদ্ধে আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে সংগঠনটোৱে সোমবাৰৰ পৰা চচলত দুদিনীয়াকৈ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ দিনৰ 10 বজাৰ পৰা 2 বজালৈ অনুস্থিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে পুনৰ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁলোকৰ স্পষ্ট কথা যে, অসমত কোনো কাৰণতে সংশোধিত আইনখন মানি লোৱা নহ'ব ৷ লগতে নিয়াৰ জিম্মাত ৰখা নেতা অখিল গগৈক শীঘ্ৰে মুক্তি দিব লাগে বুলি সংগঠনটোৱে দাবী কৰে ৷ তদুপৰি ৰাজ্য চৰকাৰে , CAAৰ বিৰোধিতা কৰা জাতীয় সংগঠনৰ নেতাক জেললৈ নিক্ষেপ কৰি প্ৰতিবাদ ৰোধ কৰিব খোজা কাৰ্যকো গৰিহনা দিয়ে সংগঠনটোৱে ৷
একেদৰে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাতো কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আৰু CAAৰ বিৰোধিতাৰে যুদ্ধসদৃশ পৰিস্থিতিৰ হয় ৷ সহস্ৰাধিক ৰাইজে উক্ত বিষয় কেইটাৰ বিৰোধিতাৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে চাবুৱাত আৰক্ষীয়ে নিৰীহ যুৱকক গ্ৰেপ্তাৰ কৰি অত্যাচাৰ কৰা কাৰ্য বন্ধ কৰাৰ দাবী কৰি ৰাজপথ উত্তাল কৰি তোলে ৷ ইপিনে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদস্থলীত আৰক্ষী আৰু সেনাৰ বৃহৎ দল মোতায়েন কৰে ৷