গুৱাহাটী, ১১ ছেপ্টেম্বৰ:শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নামত এই চৰকাৰখনে বৈষম্যমূলক নীতিৰ আশ্ৰয় লৈছে । মানুহক ভাগ ভাগ কৰিব বিচাৰিছে । জি এম ডি এ কৰ্তৃপক্ষই উচ্ছেদিতৰ তালিকাত বাচি বাচি একাংশ লোকৰ নাম অন্তৰ্ভুক্ত কৰি উচ্ছেদিত লোকক ভাগ ভাগ কৰিব বিচাৰিছে । ফলত সেই তালিকাৰ পৰা সাধাৰণ লোকৰ নাম বাদ পৰাৰ সম্ভাৱনা দেখা দিছে । সংবাদ মাধ্যমৰ আগত এইদৰে অভিযোগ উত্থাপন কৰে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে ।
অসম বিধানসভাৰ প্ৰথম দিনা শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক অতি শীঘ্ৰেই ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ দাবীত চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে উচ্ছেদ প্ৰতিৰোধী ৰাইজে । সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়াই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক নেতা বিদ্যুৎ শইকীয়াই কয় যে ২০২২ চনত শিলসাঁকোত বসবাস কৰা লোকসকল উচ্ছেদ কৰাৰ পিছত পুনৰ সংস্থাপনৰ কথা কৈছিল এই চৰকাৰখনে । আনকি উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়া হ'ব বুলি কৈ উচ্ছেদিতৰ পৰা প্ৰয়োজনীয় নথি পত্ৰ জমা লোৱা হৈছিল । পিছে তেওঁলোকে ক্ষতিপূৰণ আৰু সংস্থাপন পালেনে? ২৭ আৰু ২৮ ফেব্ৰুৱাৰী আৰু ১ আৰু ২ মাৰ্চত যি উচ্ছেদ চলোৱা হ'ল তেওঁলোকৰ কথা চৰকাৰে কিবা ভাবিলেনে?