অসম

assam

ETV Bharat / state

অখিল গগৈৰ চিকিৎসাৰ দাবীত সচেতন নাগৰিক সমাজৰ প্ৰতিবাদ - Protest

দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটা অখিল গগৈৰ স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নাই কাৰাগাৰ কৰ্তৃপক্ষ আৰু চৰকাৰৰ । অখিল গগৈৰ মুক্তিৰ লগতে চিকিৎসাৰ দাবীত গুৱাহাটী ক্লাৱৰ ৰ’টাৰীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ সচেতন নাগৰিক সমাজে ।

Protest for akhil gogoi guwahati kamrup metro assm etv bharat news
প্ৰতিবাদ সাব্যস্ত

By

Published : Mar 4, 2020, 7:46 PM IST

Updated : Mar 4, 2020, 9:13 PM IST

গুৱাহাটী,4 মাৰ্চঃ কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবী তুলি মঙলবাৰে প্ৰতিবাদত সাব্যস্ত কৰিলে অসমৰ সচেতন নাগৰিক সমাজে । প্ৰতিবাদী সংগঠনটোৱে অখিল গগৈৰ সৈতে অমানৱীয় অত্যাচাৰ হৈ থকা বুলি দাবী কৰে ৷ প্ৰতিবাদস্থলীৰ পৰা সচেতন নাগৰিকসকলে শীঘ্ৰে অখিল গগৈৰ চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে কাৰাবন্দী নেতাগৰাকীক মুকলি কৰি দিবলৈ চৰকাৰক দাবী উত্থাপন কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবী

প্ৰতিবাদস্থলীত উপস্থিত থকা অদীপ কুমাৰ ফুকনে চৰকাৰৰ স্বৈৰাতন্ত্ৰী নীতিৰ পাকচক্ৰত অখিল গগৈক বন্দী কৰা হৈছে বুলি অভিযোগ কৰে ৷ লগতে বিজেপি চৰকাৰক অসমৰ জাতি দ্ৰোহী চৰকাৰ বুলিয়ো সমালোচনা কৰে । ফুকনৰ মত অনুসৰি, অসমৰ জনসাধাৰণে সংগ্ৰাম কৰিছে আৰু এই সংগ্ৰাম দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে চৰকাৰে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে মানৱীয় মূল্যবোধক সন্মান নজনায় ৷ আন্দোলন তীব্ৰতৰ হোৱা দেখিয়ে অসমত চৰকাৰে গণতান্ত্ৰিক আন্দোলনকাৰীসকলক গ্ৰেপ্তাৰ কৰিছে বুলি আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট ব্যক্তিগৰাকীয়ে ৷ মূলতঃ দিল্লীৰ নিৰ্দেশতে অখিল গগৈৰ দৰে সংগ্ৰামী সত্তাক ধ্বংস কৰিবলৈ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে ৷

অখিল গগৈৰ চিকিৎসাৰ দাবীত সচেতন নাগৰিক সমাজৰ প্ৰতিবাদ

উল্লেখ্য যে, কৃষক মুক্তিৰ নেতাগৰাকী বিগত চাৰিদিন ৰুগীয়া দেহাৰে বন্দী হৈ আছে । দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটা অখিল গগৈৰ স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নাই কাৰাগাৰ কৰ্তৃপক্ষ আৰু চৰকাৰৰ । অখিল গগৈৰ মুক্তিৰ লগতে চিকিৎসাৰ দাবীত গুৱাহাটী ক্লাৱৰ ৰ’টাৰীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ সচেতন নাগৰিক সমাজে ।

লগতে চাওকঃবাজেট অধিৱেশনৰ তৃতীয় দিনা মহিলাৰ প্ৰতিবাদত উত্তাল লাষ্টগেট

Last Updated : Mar 4, 2020, 9:13 PM IST

ABOUT THE AUTHOR

...view details