গুৱাহাটী, ২৭ মে’ :শুকুৰবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল পানবজাৰস্থিত BSNLৰ মুখ্য কাৰ্যালয় (BSNL employees protest in Guwahati) ৷ BSNLৰ সকলো ইউনিয়ন আৰু এছ'চিয়েচনৰ যৌথ উদ্যোগত কৰ্মচাৰীসকলৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদত বহে BSNLৰ কৰ্মীসকলে ৷ সপ্তম বেতন আয়োগৰ পৰামৰ্শাৱলীৰ আধাৰত সকলো কর্মচৰীৰে তৃতীয় বেতন সংশোধন বলবৎ কৰা, 4G সেৱা আগবঢ়োৱা আদিকে ধৰি কেইবাটাও দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ (Protest demanding solution to problems of BSNL employees) ।
প্ৰতিবাদী কাৰ্যসূচীত সন্থাৰ বিষয়বীয়াই কয় যে, বিভিন্ন ব্যক্তিগত টেলিকম কোম্পানীসমূহে ইতিমধ্যে 4G সেৱা আগবঢ়াইছে ৷ কিন্তু BSNL এ বৰ্তমানলৈ আৰম্ভ কৰা নাই । তদুপৰি নিগমটোত কৰ্মৰত সকলো ভাৰতীয় দূৰসঞ্চাৰ সেৱাৰ (ITS) উচ্চ বিষয়া যেনে - মুখ্য মহাপ্ৰবন্ধক, প্ৰবন্ধক আদি পদত নিযুক্তসকলে তৃতীয় বেতন সংশোধন উপভোগ কৰি আহিছে ।
ইয়াৰ বিপৰীতে বাকী কৰ্মচাৰীসকলে ২০০৭ চনৰ পৰা কোনোধৰণৰ বেতন সংশোধন লাভ কৰা নাই ।
২০০০ চনত যেতিয়া দূৰসঞ্চাৰ বিভাগৰ পৰা নিগমীকৰণৰ জৰিয়তে BSNLৰ জন্ম হয়, তাৰ পিছৰ পৰাই যিসকল লোকৰ নিগমটোত নিযুক্তি হৈছে তেওঁলোক পেঞ্চনৰ সুবিধাৰ পৰাও বঞ্চিত হৈ আছে । দ্বিতীয় বেতন সংশোধন সমিতিৰ পৰামৰ্শ মতে, এইসকল কৰ্মচাৰীৰ বাবে এটা পেঞ্চন কোষ থাকিব, য'ত কৰ্মচাৰীসকলৰ মাহিলী বেচিক আৰু মূল্যবৃদ্ধি ভাত্তাৰ ৩০ শতাংশ নিগমে জমা দিব ।