গুৱাহাটী, ১৮ এপ্ৰিল :অসম আৰক্ষীৰ এবি. ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল ঘোষণাৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ । লিখিত পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীয়ে উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত সাব্যস্ত কৰে প্ৰতিবাদ । উল্লেখ্য যে, কনিষ্টবলকে ধৰি অসম আৰক্ষী বহুকেইটা শাখাত মুঠ ৯০১৭টা পদৰ বাবে শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীয়ে যোৱা ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।
কিন্তু, লিখিত পৰীক্ষাৰ ফলাফল প্ৰায় দুমাহে ঘোষণা নকৰা বাবে প্ৰাৰ্থীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ । তাৎপৰ্যপূৰ্ণ কথা যে, লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা পদসমূহৰ বাবে ২০১৭-১৮বৰ্ষত বিজ্ঞাপন মুকলি কৰা হৈছিল (written examination for Assam police post) । আনহাতে উক্ত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈ পুনৰ একাংশ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষাৰ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম চৰকাৰৰ গৃহ বিভাগ ।
পৰীক্ষাৰ ফলাফল নিদিয়াকৈ আকৌ পৰীক্ষা পতাৰ যোজা-যা গৃহ বিভাগৰ । তাতে খৰ্গহস্ত হৈ ৰাজপথলৈ ওলাই আহিছে প্ৰাৰ্থীসকল ।