অসম

assam

ETV Bharat / state

GASU protest : গুৱাহাটীত শীঘ্ৰে অৰুণাচল ভৱন নিৰ্মাণৰ দাবী - GASU protest demanding Arunachal Bhawan

গুৱাহাটীত অৰুণাচল ভৱন নিৰ্মাণৰ দাবীত গুৱাহাটী অৰুণাচল ছাত্ৰ সন্থাৰ প্ৰতিবাদ (GASU protest demanding Arunachal Bhawan)। অতি শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক স্মাৰক পত্ৰ প্ৰদান । অৰুণাচলৰ পৰা অহা শিক্ষাৰ্থী, ৰোগীসকলৰ বাবে সুবিধা প্ৰদানৰ দাবী ।

GASU protest
গুৱাহাটীত শীঘ্ৰে অৰুণাচল ভৱন নিৰ্মাণৰ দাবী

By

Published : Dec 7, 2022, 4:33 PM IST

গুৱাহাটী, ৭ ডিচেম্বৰ :গুৱাহাটীত অতিশীঘ্ৰে অৰুণাচল ভৱন নিৰ্মাণৰ দাবীত বৃহৎ প্ৰতিবাদ (Demand for construction of Arunachal Bhawan)। বুধবাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত গুৱাহাটী অৰুণাচল ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদি লৈ গুৱাহাটীত শীঘ্ৰেই অৰুণাচল ভৱন নিৰ্মাণৰ দাবী জনায় ।

গুৱাহাটীত শীঘ্ৰে অৰুণাচল ভৱন নিৰ্মাণৰ দাবী

অৰুণাচল ভৱন নিৰ্মাণৰ লগতে ছাত্ৰ-ছাত্ৰীক ৰেহাই মূল্যত কোঠা আৱণ্টন দিয়া, এজন ছাত্ৰৰ বিপৰীতে এটা কোঠা আৱণ্টন দিয়া, অৰুণাচলৰ ৰোগীক থকা মেলাৰ ব্যৱস্থা কৰা আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (GASU protest demanding Arunachal Bhawan)। উল্লেখ্য যে, অৰুণাচলৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকৰ বাবে অৰুণাচল প্ৰদেশৰ চৰকাৰে ২০১৯ চনতে মহানগৰীৰ ৰূপনগৰত অৰুণাচল ভৱন নিৰ্মাণৰ আৰম্ভ কৰিছিল ।

বিগত তিনিটা বছৰে অৰুণাচল ভৱনৰ নিৰ্মাণ কাৰ্য সম্পন্ন নোহোৱাত অৰুণাচলৰ ছাত্ৰ সংগঠনটো ক্ষোভিত হৈ পৰিছে । অতিশীঘ্ৰে অৰুণাচল ভৱনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ গুৱাহাটী অৰুণাচল ছাত্ৰ সন্থাই স্মাৰক পত্ৰও প্ৰদান কৰে । ৰাজ্য চৰকাৰক অতিশীঘ্ৰে বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায় গুৱাহাটী অৰুণাচল ছাত্ৰ সন্থাই ।

লগতে পঢ়ক :Bharat Jodo Yatra in Assam: শিৱসাগৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল

ABOUT THE AUTHOR

...view details