অসম

assam

ETV Bharat / state

থলুৱা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল ৰেলৱেৰ মুখ্য কাৰ্যালয়

উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । নিজৰ প্ৰাপ্যৰ দাবীত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদত বহিল স্থানীয় যুৱক-যুৱতীসকল । ৰেল বিভাগৰ পৰা প্ৰশিক্ষণ লৈছে যদিও বৰ্তমান তেওঁলোকক চাকৰিৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ।

By

Published : Nov 4, 2019, 10:41 PM IST

উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীৰ অৱস্থান ধৰ্মঘট

মালিগাঁও, 4 নবেম্বৰ: মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । নিজৰ প্ৰাপ্যৰ দাবীত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদত বহিল স্থানীয় যুৱক-যুৱতীসকল । ৰেল বিভাগৰ পৰা প্ৰশিক্ষণ লৈছে যদিও বৰ্তমান তেওঁলোকক চাকৰিৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে । থলুৱাক সুৰক্ষিত কৰাৰ কথা কোৱা চৰকাৰ খনৰ দিনতে বহিৰাগতক বৰপিড়া পাৰি দিয়াৰ বাবেই এনেদৰেই প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলক স্থায়ী নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে ৰেল বিভাগে । যাৰ বাবে এনেদৰেই অনিৰ্দিষ্টকাললৈ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে ।

উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীৰ অৱস্থান ধৰ্মঘট

কেন্দ্ৰীয় চৰকাৰ হায় হায়, বহিৰাগতৰ নিযুক্তি বন্ধ কৰক, থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰক, প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীক স্থায়ী নিযুক্তি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে প্ৰতিবাদকাৰীসকলে । ইফালে অতিশীঘ্ৰে তেওঁলোকৰ দাবী মানি নল'লে যিকোনো পৰ্যায়ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীৰসকলে । জাতি মাটি ৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনতে এতিয়া উপযুক্ত প্ৰশিক্ষণ থকাৰ পিছতো ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে থলুৱাই ।

For All Latest Updates

ABOUT THE AUTHOR

...view details