অসম

assam

ETV Bharat / state

লাষ্টগেটত প্ৰতিবাদত বহিল গড়কাপ্তানী বিভাগৰ অভিযন্তা

এইবাৰ মহানগৰীৰ লাষ্টগেটত প্ৰতিবাদত বহিল গড়কাপ্তানী বিভাগৰ অভিযন্তাসকল । নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ গড়কাপ্তানী বিভাগৰ সহকাৰী আৰু কনিষ্ঠ অভিযন্তাসকল ওলাই আহিল লাষ্টগেটৰ প্ৰতিবাদস্থলীলৈ । তেজ দিম,চাকৰি নিদিওঁ,আমাৰ দাবী মানিব লাগিব আদি ধ্বনিৰে উত্তাল লাষ্টগেটৰ পৰিৱেশ ।

Protest by PWD Engineer at lastgate guwahati assam etv bharat news
প্ৰতিবাদ গড়কাপ্তানী বিভাগৰ অভিযন্তাৰ

By

Published : Mar 11, 2020, 4:04 PM IST

Updated : Mar 11, 2020, 4:57 PM IST

গুৱাহাটী,11 মাৰ্চঃ অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে লাষ্টগেটত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ প্ৰতিবাদত বহিবলৈ বাধ্য হ'ল গড়কাপ্তানী বিভাগৰ সহকাৰী আৰু কনিষ্ঠ অভিযন্তাসকল । বিগত ৬মাৰ্চত ৰাজ্য চৰকাৰে এ পি এছ চি-ৰ সমপৰ্যায়ৰ লিখিত আৰু মৌখিক পৰীক্ষাৰ অন্তত ১৫৫জন সহকাৰী অভিযন্তাক নিয়োগ কৰিছিল । এই সহকাৰী অভিযন্তাসকল এবছৰ ধৰি গড়কাপ্তানী বিভাগত কৰ্মৰত হৈ আছে ৷ ইয়াৰ পিছতো চৰকাৰে পুনৰবাৰ এই অভিযন্তাসকলৰ পদৰ লগতে ৩০৭জন কনিষ্ঠ অভিযন্তা নিয়োগৰ বাবে এ পি এছ চি-ৰ অধীনত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিজ্ঞাপন মুকলি কৰিছে । লগতে ৫এপ্ৰিলত পদসমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আয়োজন কৰা হৈছে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি গড়কাপ্তানী বিভাগত কৰ্মৰত অভিযন্তাসকলে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত এবছৰ ধৰি বিভিন্ন চৰকাৰী কামত নিয়োজিত হোৱাৰ লগতে এই নিযুক্তি সম্পূৰ্ণ স্বচ্ছ আৰু নিকা আছিল বুলি দাবী কৰে অভিযন্তাসকলে ।

প্ৰতিবাদ সাব্যস্ত

যিহেতু অভিযন্তাসকলে লিখিত আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিত যোগদান কৰিছিল, সেয়ে পুনৰবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কোনোধৰণৰ যুক্তি নাই বুলি দাবী কৰে প্ৰতিবাদী অভিযন্তাসকলে । প্ৰতিবাদকাৰীসকলে চৰকাৰক শীঘ্ৰে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে । লগতে উক্ত চাকৰিসমূহ নিয়মীয়াকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷ প্ৰতিবাদকাৰীসকলে "তেজ দিম,চাকৰি নিদিওঁ" ধ্বনিৰে ৰাজ্য চৰকাৰক তীব্ৰ হুংকাৰ প্ৰদান কৰে ।

লগতে চাওকঃতামুলপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰমোদ বড়োৱে

Last Updated : Mar 11, 2020, 4:57 PM IST

ABOUT THE AUTHOR

...view details