গুৱাহাটী, 30 মাৰ্চ: মহানগৰীৰ কাহিলীপাৰাত শনিবাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ কৰ্মীসকলে সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাঁচ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে এই বিক্ষোভত অংশগ্ৰহণকৰে । তেওঁলোকে দাবী কৰা অনুসৰি মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব স্বেচ্চাসেৱী সংগঠনৰ হাতত অৰ্পণকৰিব নালাগে কাৰণ ইয়াৰ ফলত সকলো কৰ্মীয়ে হেৰুৱাবলগীয়া হ'ব চাকৰি ।
কাহিলীপাৰাত ৰন্ধন কৰ্মীৰ বিক্ষোভ - ETV BHARAT
মহানগৰীৰ কাহিলীপাৰাত শনিবাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ কৰ্মীসকলে সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ কাৰণ হৈছে, এপ্ৰিলৰ ১ তাৰিখৰ পৰা ১৫ টা স্বেচ্চাসেৱী সংগঠনে মধ্যাহ্ন ভোজনৰ দায়িত্ব চমজি ল'ব । ইয়াৰ ফলত ৫৬ হাজাৰখন প্ৰাথমিক বিদ্যালয়ত কাম কৰি থকা প্ৰায় ১ লাখ ১৪ হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব ।
PROTEST BY MID - DAY MEAL WORKERS
আনহাতে, এই প্ৰতিবাদস্থলীতে ৰন্ধন কৰ্মীসকলেও হুংকাৰ দিয়ে যে অতি সোনকালে এই দাবী চৰকাৰে মানি ন'ললে লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব সকলোৱে । উল্লেখ্য যে, এপ্ৰিলৰ ১ তাৰিখৰ পৰা ১৫ টা স্বেচ্চাসেৱী সংগঠনে মধ্যাহ্ন ভোজনৰ দায়িত্ব চমজি ল'ব । ইয়াৰ ফলত ৫৬ হাজাৰখন প্ৰাথমিক বিদ্যালয়ত কাম কৰি থকা প্ৰায় ১ লাখ ১৪ হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব ।