অসম

assam

ETV Bharat / state

পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্যঃ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট - ৰিপুন বৰা

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য তথা নেতাসকলে বুধবাৰে ৰাজীৱ ভৱনৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ধৰ্মঘট কৰে কংগ্ৰেছ দলে ৷

as_ghy_01_congress_protest_vis+bite_7201051
as_ghy_01_congress_protest_vis+bite_7201051

By

Published : Jun 24, 2020, 4:22 PM IST

Updated : Jun 24, 2020, 4:37 PM IST

গুৱাহাটী, 24 জুনঃবুধবাৰে ৰাজীৱ ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘটত বহে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য তথা নেতাসকল ৷ পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিক লৈ এই অৱস্থান ধৰ্মঘট কংগ্ৰেছ দলৰ ৷ ধৰ্মঘটস্থীলৰ পৰাই সংবাদ মাধ্যামযোগে মোডী চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ সমগ্ৰ ভাৰতবৰ্ষতে কৰ'ণা মহামাৰীয়ে সৰ্বসাধাৰণ লোকক জুৰুলা কৰা, লোকৰ জীৱিকাৰ পথ বন্ধ হোৱাৰ সময়তে মোডী চৰকাৰে সৰ্বসাধাৰণ লোকক সকাহ দিয়াৰ পৰিৱৰ্তে, পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰি সাধাৰণ লোকৰ মূৰত ৰাম টাঙোন শোধোৱা বুলি উল্লেখ কৰে প্ৰক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দৰিদ্ৰ লোকৰ বন্ধু নবয় বুলি প্ৰমাণ কৰিছে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

আনহাতে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে যদিও, দেশত বৃদ্ধি পাই আছে পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ এই ক্ষেত্ৰত নিজৰ মন্তব্য প্ৰকাশ কৰি ৰিপুন বৰাই কয়, নিজকে দৰিদ্ৰৰ চৰকাৰ বুলি অভিহিত কৰা বিজেপি চৰকাৰৰ দিনতে প্ৰায় 18 দিনৰ পৰা একেৰাহে পেট্ৰ'ল-ডিজেলৰ দাম বাঢ়ি আছে ৷ মানুহক দেখুৱাবলৈ তেওঁলোকে ভিন্ন আঁচনি লৈছে যদিও, দৰিদ্ৰ লোকৰ জৰুৰী সামগ্ৰী পেট্ৰ'ল-ডিজেলৰ দাম বঢ়াই তেওঁলোকে কেনেদৰে দৰিদ্ৰ লোকৰ কল্যাণ কৰিব বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ লগতে তেওঁ কয়, ডিজেলৰ দাম বৃদ্ধিৰ বাবে কৃষক সকলৰ মাজতো সৃষ্টি হৈছে সমস্যাৰ ৷ ডিজেলৰ দাম বৃদ্ধিৰ বাবে তেওঁলোকৰ পাম্পছেট চলা নাই ৷ ৰাইজৰ এনে হাহাকাৰ অৱস্থাতো চৰকাৰ নিৰ্বিকাৰ বুলি কৈ চৰকাৰী কেৱল নিৰ্বাচনী অংকতহে ব্যস্ত আছে বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷

লগতে পঢ়কঃOVID নিগেটিভ ৰূপজ্যোতি কুৰ্মীৰঃ দৰা-কইনাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নল'বলৈ আহ্বান

Last Updated : Jun 24, 2020, 4:37 PM IST

ABOUT THE AUTHOR

...view details